Breaking News

বোকাখাতত সম্পন্ন ১৪৮ জোৰা বৰ-কণ্যাৰ সমূহীয়া বিবাহঃ



অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাতত সোমবাৰে সাক্ষী হৈ ৰ'ল এক ঐতিহাসিক ক্ষণৰ। বোকাখাতত সম্পন্ন হ'ল ১৪৮ জোৰ বৰ-কণ্যাৰ সমূহীয়া বিবাহ। বোকাখাত নাট্যমন্দিৰ, বোকাখাত বাৰোৱাৰী পূজা সমিতি আৰু লতাবাৰীৰ শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু বোকাখাতৰ বিশিষ্ট ব্যৱসায়ী কমলা আগৰৱালা আৰু পৰিয়ালৰ পৃষ্ঠপোষকতাত আজি বোকাখাত নাট্যমন্দিৰত সম্পন্ন হ'ল এই সমূহীয়া বিবাহ অনুষ্ঠান। পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ, আয়তীৰ উৰুলি, বিয়া নাম আৰু এই বিৰল ক্ষণৰ সাক্ষী হৈ ৰোৱা অজস্ৰজনৰ উপস্থিতিত উদুলি মুদুলি হৈ পৰিল বোকাখাত নাট্যমন্দিৰ প্ৰাংগন। পুৱাই ইচ্ছুক দৰা কইনাৰ নাম উদ্যোক্তা সমিতিয়ে পঞ্জীয়নভুক্ত কৰেহি।  প্ৰতিজোৰা দৰা কইনাৰ সৈতে কেৱল দহ গৰাকী লোকৰহে উপস্থিতিৰ অনুমতি দিয়া হৈছিল যদিও এই বিৰল সমূহীয়া বিবাহ চোৱাৰ হেঁপাহতে ঢপলিয়াই অহা অজস্ৰজনেৰে বিবাহ-থলী ভৰি পৰা দেখা গ'ল। উল্লেখ্য যে প্ৰতিজোৰা দম্পতীলৈ প্ৰয়োজনীয় বিবাহৰ পোচাক উপহাৰ হিচাপে আগবঢ়াইছে কমলা আগৰৱালাই আৰু প্ৰতিজোৰা দম্পতীলৈ একোটিকৈ সেন্দূৰৰ টেমা আগবঢ়াইছে বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে। অনুষ্ঠানৰ আন এক উল্লেখনীয় কথা যে মুখ্য পৃষ্ঠপোষক কমলা আগৰৱালাৰ দুই পুত্ৰ, কেইবাগৰাকী নাতিৰ লগতে পৰিয়ালৰ আন লোকে বিবাহ অনুষ্ঠানটোৰ আদিৰ পৰা অন্তলৈ প্ৰতিগৰাকী অতিথিক আপ্যায়নকে আদি কৰি সকলো কাৰ্যকে সুচাৰুৰূপে সম্পন্ন কৰাত সহায়ক হৈ গৃহস্থৰ ভূমিকা সুন্দৰকৈ পালন কৰাৰ বিষয়টোৱে উপস্থিত প্ৰতিগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সম্প্ৰতি চৰ্চাৰ বিষয় হৈছে। উল্লেখ্য যে কমলা আগৰৱালাৰ সুপুত্ৰ মহাবীৰ আগৰৱালা এগৰাকী বিশিষ্ট ব্যৱসায়ী হোৱাৰ লগতে বোকাখাতৰ সামাজিক, সাংস্কৃতিক সকলো ক্ষেত্ৰতে সংপৃক্ত হৈ আহিছে। লগতে সমাজৰ নিপীড়িত ৰাইজক মহাবীৰ আগৰৱালাই সকলো দিশে সাহায্য আগবঢ়াই আহিছে।

No comments