Breaking News

অৱশেষত উদ্ধাৰ খুকুমণিৰ শৰ্মা আচাৰ্যৰ মৃতদেহ



অৱশেষত উদ্ধাৰ খুকুমণিৰ শৰ্মা আচাৰ্যৰ মৃতদেহ। তিনিদিন দিনৰ অন্তত আজি ধনশিৰিৰ বুকুত উদ্ধাৰ হয় খুকুমণিৰ মৃতদেহ। গোলাঘাটৰ লেতেকুজানত উদ্ধাৰ মৃতদেহ। SDRF বাহিনীৰ নিৰন্তৰ প্ৰচেষ্টাত উদ্ধাৰ হয় খুকুমণিৰ মৃতদেহ। বৃহস্পতিবাৰৰ পৰাই SDRF বাহিনীয়ে অব্যাহত ৰাখিছিল উদ্ধাৰ অভিযান। বৰ্তমান সময়ত ধনশিৰিৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে আৰু অধিক সোঁতকো নেওচি উদ্ধাৰ অভিযানত সফল হয় SDRF বাহিনী। 

উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া  ধনশিৰি নদীত জাপ দি আত্মহনন কৰিছিল খুকুমণি নামৰ বোৱাৰীগৰাকীয়ে । ধনশিৰি দলংৰ ওপৰত নিজৰ সা-সামগ্ৰী থৈ মহিলাগৰাকীয়ে জাপ দিছিল ধনশিৰি নদীত। 

No comments