Breaking News

কেৰালাত ৰাহুল গান্ধীৰ কাৰ্যালয়ত আক্ৰমণঃ ৮০-১০০ জনীয়া দল এটাই আক্ৰমণ কৰে কাৰ্যালয়



কালপেট্টাৰ ওচৰৰ কাইনাট্টিত থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ কাৰ্যালয়ত শুকুৰবাৰে ষ্টুডেণ্টছ ফেডাৰেচন অৱ ইণ্ডিয়া (এছএফআই)ৰ কৰ্মীসকলে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ভাৰতীয় যুৱ কংগ্ৰেছে এক টুইটযোগে অভিযোগ কৰিছে যে ৰাহুল গান্ধীৰ ৱায়ানাড কাৰ্যালয়ৰ দেৱালত উঠি আক্ৰমণ কৰাৰ সময়ত "গুণ্ডাসকলে এছএফআইৰ পতাকা লৈ আছিল"। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে শাসনাধিষ্ঠিত চিপিআই(এম)ৰ ছাত্ৰ শাখা এছএফআইৰ এক প্ৰতিবাদী সমদল হঠাৎ হিংসাত্মক হৈ পৰে।  প্ৰতিবাদকাৰীৰ এটা দলে কাৰ্যালয়ত প্ৰৱেশ কৰি ইয়াক আক্ৰমণ কৰে। ছাত্ৰ সংগঠনটোৱে কেৰালাৰ পাহাৰীয়া অঞ্চলত বনাঞ্চলৰ চাৰিওফালে বাফাৰ জোন সৃষ্টিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছিল।

ইফালে অভিযোগ উঠিছে "আৰক্ষীৰ উপস্থিতিতে সংঘটিত হৈছিল উক্ত ঘটনা। চিপিএম নেতৃত্বতে এই কাণ্ড সংঘটিত হোৱাৰ অভিযোগ কৰিছে কংগ্ৰেছে। 



কংগ্ৰেছ নেতা কেচি বেণুগোপালে দলীয় কাৰ্যালয় আক্ৰমণ সন্দৰ্ভত  প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে-"মই ভাবো চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব," । ইফালে, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে ৱায়ানাডত ৰাহুল গান্ধীৰ কাৰ্যালয়ত হোৱা আক্ৰমণক গৰিহণা দিয়ে।


মুখ্যমন্ত্ৰী বিজয়নে কয়, "গণতান্ত্ৰিক প্ৰতিবাদ আৰু আমাৰ ভূমিত মতামত প্ৰকাশ কৰাৰ স্বাধীনতা আছে। কিন্তু আক্ৰমণৰ দিশত যোৱাটো ভুল প্ৰৱণতা। চৰকাৰে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।"

No comments