Breaking News

গোলাঘাট জিলাত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ




ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাত ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰী যেনে প্লেট, কাপ, গিলাছ, চামুচ, প্লাষ্টিকৰ ষ্টিক থকা এয়াৰ বাড, বেলুনত লগোৱা প্লাষ্টিকৰ ষ্টিক, প্লাষ্টিকৰ পতাকা, কেণ্ডি, আইচক্ৰীম আদিৰ ষ্টিক, প্লাষ্টিক ষ্টাৰাৰ্ছ আদিৰ প্ৰস্তুতকৰণ, আমদানি, মজুতকৰণ, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । গোলাঘাট জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই সমগ্ৰ গোলাঘাট জিলাতে অহা পহিলা জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা আৰোপ কৰিছে । সেই অনুসৰি সৌন্দৰ্যবৰ্ধনৰ বাবে থাৰ্মকল ব্যৱহাৰো নিষিদ্ধ কৰা হৈছে। তদুপৰি মিঠাই, বাকচ, নিমন্ত্ৰণী পত্ৰ আৰু চিগাৰেটৰ পেকেটৰ ওপৰত ফিল্ম মেৰিওৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । লগতে ১০০ মাইক্রণতকৈ কম ঘনত্বৰ প্লাষ্টিক বা পি ভি চি বেনাৰো নিষিদ্ধ কৰা হৈছে । এই নিষেধাজ্ঞা অমান্য কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে ।

No comments