Breaking News

উদয়পুৰৰ দৰ্জীৰ হত্যাৰ অৰ্থ আছিল সন্ত্ৰাস বিয়পোৱা; হত্যাকাৰীৰ বিদেশত সম্পৰ্ক আছে: ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট



উদয়পুৰত এজন দৰ্জীৰ নিৰ্মম হত্যাকাণ্ডক লৈ দেশজুৰি সৃষ্টি হোৱা তীব্ৰ উত্তেজনাৰ মাজতে বুধবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে তেওঁৰ হত্যাকাণ্ড সন্ত্ৰাস বিয়পোৱাৰ বাবে কৰা হৈছে। গেহলটে লগতে কয় যে অনুসন্ধানকাৰীসকলে গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিছে। আৰু তদন্ত সকলো দিশৰ পৰা কৰা হৈছে।


ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে যে ইউএপিএৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু বিষয়টো এন আই এৰ দ্বাৰা পুংখানুপুংখভাৱে তদন্ত কৰা হৈছে, আৰু লগতে কয় যে ৰাজস্থান এটিএছে কেন্দ্ৰীয় সংস্থাটোৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিব। গেহলটে বৰ্তমানৰ লাছ এণ্ড অৰ্ডাৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ আজি সন্ধিয়া এক সৰ্বদলীয় বৈঠকৰো আহ্বান কৰিছে।

দিনটোৰ আৰম্ভণিতে, গৃহ মন্ত্ৰালয়ে উদয়পুৰত কানহাইয়া লালৰ হত্যাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থালৈ স্থানান্তৰ কৰে যাতে কোনো সন্ত্ৰাসবাদী কোণ আছে নেকি তাৰ সম্ভেদ লাভ কৰিব পাৰি।


"এমএইচএয়ে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক কালি ৰাজস্থানৰ উদয়পুৰত সংঘটিত কানহাইয়া লাল তেলীৰ নৃশংস হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব ল'বলৈ নিৰ্দেশ দিছে। যিকোনো সংগঠন আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগৰ জড়িত আছে নেকি সেই বিষয়ে পুংখানুপুংখভাৱে তদন্ত কৰা হ'ব বুলি তদন্তকাৰী সংস্থাটোৱে জানিবলৈ দিছে।  

লগতে সূত্ৰটোৱে দাবী কৰে যে, "আমাৰ সন্দেহ আছে যে তেওঁলোকৰ আঁৰত সন্ত্ৰাসবাদী গোট থাকিব পাৰে। অভিযুক্তজনে সন্ত্ৰাসবাদী গোটৰ সৈতে যোগাযোগ কৰিব পাৰে। এই সকলোবোৰ কথা জানিবলৈ, এনআইএৰ এটা দল উদয়পুৰত উপস্থিত হৈছে,। 


তদন্তৰ দায়িত্ব লোৱাৰ পিছত, এন.আই.এ.-য়ে এটা নতুন গোচৰ ৰুজু কৰিছে। কিয়নো ঘটনাটোৱে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে। 


আৰক্ষীৰ মতে, ভুক্তভোগী গৰাকী, পেছাত এজন দৰ্জী, তীক্ষ্ণ ধাৰাৰ অস্ত্ৰৰ দ্বাৰা আক্ৰমণ কৰা হৈছিল। ঘটনাটোৰ ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যাক তালিবান শৈলীৰে হত্যা কৰা বুলি অভিহিত কৰা হৈছে।

ভাইৰেল ভিডিঅ'টোত, অভিযুক্ত দুজনৰ এজনে কোৱা শুনা গৈছিল, "যেতিয়া মই আমাৰ ঈশ্বৰৰ প্ৰতি অসন্মান দেখুওৱা অভিযুক্তজনক এটা পাঠ শিকোৱাৰ লক্ষ্য পূৰণ কৰিম তেতিয়া মই ভিডিঅ'টো ভাইৰেল কৰিম।" আৰক্ষীৰ সূত্ৰই কৈছিল যে এই মানুহজনক হত্যা কৰাৰ ষড়যন্ত্ৰ প্ৰায় ১০ দিন আগতে প্ৰস্তুত কৰা হৈছিল।

No comments