Breaking News

গোলাঘাট পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰীৰ সাফল্য



গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত যোৱা ২৫ আৰু ২৬ জুনত অনুষ্ঠিত হোৱা, সদৌ অসম পলিটেকনিক ছাত্ৰ সন্থাই আয়োজন কৰা All Assam Polytechnic Meet, Confluence-2022 ত গোলাঘাট পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰীৰ দলটোৱে সফলতা লাভ কৰিছে। পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তা অনুসূয়া শৰ্মা আৰু মেকানিকেল ইঞ্জিনীয়াৰিং বিভাগৰ জ্যেষ্ঠ কাৰিকৰী প্ৰশিক্ষক পবিত্ৰ শইকীয়াৰ তত্বাৱধানত যোৱা দলটোৱে কুইজ প্ৰতিযোগিতা, একক অভিনয় প্ৰতিযোগিতা আৰু সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰে। কুইজ প্ৰতিযোগিতাত মেকানিকেল ইঞ্জিনীয়াৰিং শাখাৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ অজয় সোনোৱাল আৰু বায়ʼ মেডিকেল ইঞ্জিনীয়াৰিং শাখাৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী  প্ৰিয়াংকী শইকীয়াৰ দলটোৱে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে একক অভিনয় প্ৰতিযোগিতাত মেকানিকেল ইঞ্জিনীয়াৰিং শাখাৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ প্ৰাণজিৎ গগৈয়ে তৃতীয় স্থান লাভ কৰে। ইয়াৰ উপৰিও বিজ্ঞানৰ আৰ্হি প্ৰতিযোগিতাত মেকানিকেল ইঞ্জিনীয়াৰিং শাখাৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী জুষ্মি বৰা আৰু বায়ʼমেডিকেল ইঞ্জিনীয়াৰিং শাখাৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ হিৰক জ্যোতি শইকীয়াৰ দলে উদগনিমূলক বঁটা লাভ কৰে। উল্লেখযোগ্য যে অসমৰ মুঠ ২৬ খন পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে গোলাঘাট পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

No comments