Breaking News

তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত ল’লে অসম সন্তান উজ্জল ভূঞাই



ন্যায়াধীশ উজ্জল ভূঞাই মঙ্গলবাৰ অৰ্থাৎ ২৮ জুনত তেলেংগানা উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল তামিলিচাই সৌন্দৰৰাজনে তেলেংগানা উচ্চ ন্যায়ালয়ৰ পঞ্চম মুখ্য ন্যায়াধীশৰূপে  ন্যায়াধীশ ভূঞাক শপত গ্ৰহণ কৰায়। উক্ত শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও । মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাজভৱনৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী জি কিষাণ ৰেড্ডী, কেইবাগৰাকীও ৰাজ্যিক মন্ত্ৰী, সাংসদ, মুখ্য সচিব সোমেশ কুমাৰ আৰু ৰাজ্যখনৰ শীৰ্ষ বিষয়াসকল।

কেন্দ্ৰীয় চৰকাৰে ১৯ জুনত ন্যায়াধীশ উজ্জল ভূঞাক নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল। উল্লেখ্য যে  ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাক দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল তেওঁৰ উত্তৰাধিকাৰী হিচাপে ভূঞাক এই দায়িত্ব অৰ্পন কৰে।  

 তেলেংগানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হোৱাৰ আগতে, ন্যায়াধীশ ভূঞাই বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৬৪ চনৰ ২ আগষ্টত গুৱাহাটীত জন্মগ্ৰহণ কৰা ভূঞা গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা এলএলবি ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এলএলএম ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৯১ চনত অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ বাৰ কাউন্সিলত নামভৰ্তি কৰিছিল। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰধান আসনৰ সন্মুখত অনুশীলন কৰিছিল।


No comments