Breaking News

কলিয়াবৰৰ বুঢ়াপাহাৰত অঘটন।

 


ডিজিটেল সংবাদ কলিয়াবৰঃবুধবাৰে পুৱাৰ ভাগত ধাৰাষাৰ বৰষুণৰ মাজতে কলিয়াবৰৰ বুঢ়াপাহাৰত অঘটন। ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথত বাগৰি পৰিল পাহাৰৰ গছ আৰু শিল। ফলত ৩৭ নং ৰাষ্ট্ৰ্ৰীয় ঘাইপথৰে যাতায়ত বন্ধ হৈ পৰে। প্ৰায় ডেৰ ঘণ্টা ধৰি ৰাজপথত আবদ্ধ হৈ পৰে বহু যান-বাহন। পিছত আৰক্ষী আৰু বন বিভাগৰ তৎপৰতাত গছজোপা কাটি আতৰোৱা হয়। বৰ্তমানেও পথৰ কাষত পৰি আছে পাহাৰৰ পৰা বাগৰি পৰা প্ৰকাণ্ড শিল। ডেৰ ঘণ্টা ধৰি পাহাৰৰ মাজতে যান-বাহনসমূহ আবদ্ধ হৈ থকাৰ পিছত বৰ্তমান পথচোৱাৰে পুনৰ আৰম্ভ হৈছে যাতায়ত।

No comments