Breaking News

বছৰ বছৰ ধৰি লোকচানত চলি থকা ''অসম সমবায় মৰাপাট কল'' উদ্যোগটোৱে ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে এটা ভাল খবৰ

বছৰ বছৰ ধৰি লোকচানত চলি থকা ''অসম সমবায় মৰাপাট কল'' উদ্যোগটোৱে ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে এটা ভাল খবৰ। প্ৰতিমাহে গড়ে ৫ লাখ টকা লাভ অৰ্জন কৰিলে উদ্যোগটিয়ে।



ডিজিটেল সংবাদ, কলিয়াবৰঃ  সমবায় খণ্ডত প্ৰতিষ্ঠিত ৰাজ্যৰ একমাত্ৰ মৰাপাট উদ্যোগ "অসম সমবায় মৰাপাট কল"টোৱে শেহতীয়াকৈ  ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে আটাইতকৈ ভাল লগা এটা খবৰ। বছৰ বছৰ ধৰি লোকচানৰ সন্মুখীন হৈ অহা উদ্যোগটিয়ে শেহতীয়াকৈ  গড় হিচাবত মাহে ৫ লাখ লাভ অৰ্জন কৰাত উৎফুল্লিত হৈ পৰিছে মিল কতৃপক্ষৰ লগতে বিষয়া কৰ্মচাৰী সকল। কেচামলৰ অত্যাধিক মূল্যবৃদ্ধি, আওপুৰণি যন্ত্ৰপাতি, অত্যাধিক বিদ্যুৎ মাছুল, কভিড পৰিস্থিতিকে ধৰি বিভিন্ন সমস্যাৰ বাবে একেৰাহে চাৰিবছৰ ধৰি লোকচানৰ সন্মুখীন হৈছিল  শিলঘাট মৰাপাট কলটো। ৰাজ্য চৰকাৰে আগঢ়োৱা ৯ কোটি ৯৯ লাখ টকাৰ ঋন আৰু ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমৰ পৰা লাভ কৰা ঋন আৰু ৰাজসাহায্যৰ ৬০ শতাংশ ধনৰে  পুনৰ ঠন ধৰি উঠা উদ্যোগ টোৱে ইতিমধ্যে দ্বিতীয়টো ইউনিটৰ কাম সম্পন্ন কৰাৰ লগতে কেইবাখনো অত্যাধুনিক শালৰে উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত, মৰাপাট কলৰ উপ-সভাপতি পলাশ বৰাৰ ঐকান্তিক প্ৰচেষ্টা আৰু পৰিচালনা মণ্ডলিৰ লগতে কৰ্মী পৰিষদৰ দক্ষ পৰিচালনাত পুনৰ উৎপাদনক্ষম হৈ পৰা উদ্যোগটোৰ সন্দৰ্ভত পৰিচালন সঞ্চালক গুনমনি গগৈয়ে  কলিয়াবৰ প্ৰেছ ক্লাবত এখন সংবাদমেল  আয়োজন কৰি বিগত ৯ মাহৰ খতিয়ান দাঙি ধৰে। 



লগতে অসম চৰকাৰৰ যোগান বিভাগৰ লগতে ভাৰতীয় খাদ্য নিগমৰ অসম ইউনিটে শিলঘাট মৰাপাট কলৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰাত উদ্যোগটিয়ে লাভৰ মুখ দেখা পোৱা বুলি উল্লেখ কৰি সঞ্চালক গৰাকীয়ে শেহতীয়াকৈ শিলঘাট মৰাপাট কলত এটা ওৱেলডিং এণ্ড ফেব্ৰিকেশ্বন চেন্টাৰ মুকলি কৰাত মাহে আঢ়ৈ লাখ টকা পৰ্যন্ত লাভ কৰাৰ উপৰিও নিজা বিক্ৰী কেন্দ্ৰ এটি মুকলি কৰি মাহে ২৫ হাজাৰ টকা পৰ্যন্ত উদ্যোগটিয়ে লাভ কৰিছে বুলি উল্লেখ কৰে

No comments