Breaking News

কামৰূপ আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযানত বৃহৎ সফলতা

 


বাইহাটা চাৰিআলিত ১৬.৭৭ কোটি টকা মূল্যৰ মৰফিনসহ আটক দুটা আন্ত:ৰাজ্যিক ড্ৰাগ মাফিয়া। 




পঙ্কজ নাথ, কামৰূপ: সমগ্ৰ ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই থকাৰ সময়তে আজি দুপৰীয়া কামৰূপ জিলা আৰক্ষী আৰু নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰৰ যুটীয়া দ'ল এটিয়ে জিলাখনৰ বাইহাটা চাৰিআলিত এক বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । অভিযানকাৰী দ'লটোৱে আজি ইয়াত কেতবোৰ স্থানত অৱস্থান গ্ৰহন কৰি দুটা আন্ত:ৰাজ্যিক ড্ৰাগ মাফিয়াক এখন বাহন আৰু প্ৰায় ১৭ কোটি টকা মূল্যৰ নিচাজাতীয় দ্ৰব্যসহ জব্দ কৰিবলৈ সক্ষম হৈছে । জানিব পৰা মতে 

প্ৰতিবেশী ৰাজ্য নগালেণ্ডৰ ডিমাপুৰৰ পৰা তেজপুৰ হৈ গুৱাহাটীলৈ বৃহৎ পৰিমানৰ নিচাজাতীয় দ্ৰব্য অনাৰ বিষয়ে লাভ কৰা গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত আজি জিলাখনৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত ক্ষুদ্ৰপলহাৰ মদন কামদেৱ দেৱালয়ৰ প্ৰধান প্ৰবেশ পথৰ ওচৰত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাস্থানৰ দাঁতিত জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদ নেতৃত্বাধীন আৰক্ষীৰ এটা বাহিনী আৰু নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰৰ আন এটি বাহিনীয়ে যুটীয়াভাৱে অভিযানত নামি পৰে । আৰক্ষী আৰু নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰৰ এই যৌথ অভিযানৰ সময়তে অন্য কেতবোৰ বাহনৰ লগতে প্ৰত্যাশা অনুসৰিয়েই গুৱাহাটী অভিমুখী  এ.এচ.০১.এফ.এ ৪৬১৭ নম্বৰৰ মাৰুতী জিপচীখনৰো আগমন ঘটে । লগে-লগে অভিযানকাৰী দ'লটোৱে জিপচীখন ৰখাই ইয়াত তালাচী চলায় । এই তালাচীত বাহনখনত সন্দেহজনকভাৱে পলিথিনৰে মেৰিয়াই অনা ৩২ টা টোপোলা উদ্ধাৰ হয়  । ইয়াৰ পিছতে যৌথ অভিযানকাৰী দ'লটোৱে এই বাহনখনৰ লগতে টোপোলা কেইটা জব্দ কৰি আৰু বাহনখনলৈ অহা দুয়োটা ড্ৰাগ ব্যৱসায়ীক আটক কৰি থানাখনলৈ লৈ যায় । আনহাতে, যাৱতীয় পৰীক্ষা নিৰীক্ষা, ওজন, প্ৰাথমিক সোধ-পোছৰ অন্তত জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে সংবাদ মাধ্যমক ঘটনাৰ সবিশেষ বৰ্ণনা কৰি জনোৱা অনুসৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ ডি.জি.পি ভাস্কৰজ্যোতি মহন্তৰ নিৰ্দেশনা অনুসৰি কামৰূপ জিলা আৰক্ষী ড্ৰাগৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে প্ৰতিনিয়ত সক্ৰিয় হৈ থকাৰ পৰিপ্ৰেক্ষিততে তেওঁলোকে আজিৰ এই বিশাল পৰিমানৰ ড্ৰাগ সৰবৰাহৰ খৱৰ লাভ কৰিবলৈ সক্ষম হয় । জিপছীখনত মেৰিয়াই চোৰাংকৈ কঢ়িয়াই অনা এই ৩২ টা টোপোলাৰ আটাইখিনি দ্ৰব্যই হৈছে বিষাক্ত মৰফিন । ইয়াৰ ওজন  প্ৰায় ১৬.৭৭৭ কি'লগ্ৰাম আৰু বজাৰমূল্য(চোৰাং বজাৰ) হৈছে প্ৰায় ১৬.৭৭ কোটি টকা । ধৃত ড্ৰাগ মাফিয়া দুটা বিহাৰৰ সমষ্টিপুৰ জিলাৰ পাটানী থানাৰ অন্তৰ্গত ডুমুনীগাঁৱৰ লক্ষ্মণ ৰায়ৰ পুত্ৰ অননজিৎ ৰায়(৪০)

আৰু বৰপেটা জিলাৰ তাৰাবৰী থানাৰ চুন্নতাৰা গাঁৱৰ ইছলাম আলীৰ পুত্ৰ নুৰ মহম্মদ আলী(৩০) বুলি জানিব পৰা গৈছে।

No comments