Breaking News

'নেহৰু-জিন্নাই দেশক বিভক্ত কৰি বুদ্ধিমত্তাৰে কাম কৰিছিল', কোনে কৰিলে এই মন্তব্য.......



বহুতো মানুহৰ আৱেগ বিভাজনৰ সৈতে সম্পৰ্কিত। বহুলোকে দেশৰ দুটা টুকুৰা হৃদয়ৰ পৰা গ্ৰহণ কৰিব নোৱাৰিলে। এতিয়া অধিকাংশ লোকেই দেশ বিভাজন এক সম্পূৰ্ণ ভুল সিদ্ধান্ত বুলি অভিহীত কৰিছে। কিন্তু এজন জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ মন্তব্যই সৃষ্টি কৰিছে বিতৰ্কৰ।  জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে কৈছে যে, "বিভাজন এটা বুদ্ধিমান সিদ্ধান্ত আছিল। একে সময়তে মধ্যপ্ৰদেশৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী সজ্জন সিং বাৰ্মাই মহম্মদ আলী জিন্নাক স্বাধীনতা সংগ্ৰামী হিচাপে প্ৰশংসা কৰে। মধ্যপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মতে, প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু মহম্মদ আলী জিন্নাই বিভাজনৰ সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছিল। দেশক বিভাজন কৰাটো এটা অতি বুদ্ধিমান সিদ্ধান্ত আছিল। ইয়াৰ পিছত, তেওঁ জিন্নাৰ প্ৰশংসা কৰি কয় কয় যে, "জিন্নাই স্বাধীনতাৰ বাবে যুঁজিছিল, ইয়াক সকলোৱে মনত ৰাখিব লাগে। তেওঁ দেশখন ভাঙি দিয়া নাছিল। তেওঁ সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছিল।" সজ্জন সিং বাৰ্মাইও ধৰ্মীয় জাতিৰ বিভাজনক লৈ বিজেপিক সমালোচনা কৰি কয় এনেদৰে। লগতে তেওঁ কয়  "স্বাধীনতা সংগ্ৰামীৰ সংজ্ঞা সলনি হ'ব নেকি কেৱল জিন্না এজন মুছলমান হোৱাৰ বাবে? এই সংস্কৃতিটো বিজেপিয়ে আমদানি কৰি আছে। 

 ২৬ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰি কৈছিল যে ১৯৪৭ চনত বিভাজনৰ বাবে নেহৰু আৰু জিন্না দায়বদ্ধ বুলি মন্তব্য কৰাৰ বিপৰীতে  দেশৰ জনসাধাৰণে এই দুজন নেতাক ধন্যবাদ জনোৱা উচিত বুলিহে মন্তব্য কৰিছে কংগ্ৰেছী নেতাগৰাকীয়ে। কিয়নো তেওঁলোকে সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছিল।" তেওঁ লগতে কয়, "যদি জিন্নাই দেশ বিভাজন নকৰিলেহেঁতেন, আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া তেওঁলোকৰ ক্ষমতা উপভোগ নকৰিলেহেঁতেন।"

স্বাভাৱিকতে, জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীৰ মন্তব্যক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে।

No comments