Breaking News

DSP ঘোচ দিবলৈ গৈ গ্ৰেপ্তাৰ হ'ল ASI



ভাল থানালৈ বদলি বিচাৰি ১০হাজাৰ টকা উৎকোচ দিবলৈ গৈ হাতে-লোটে গ্ৰেপ্তাৰ হ'ল নগাঁৱৰ এগৰাকী সহকাৰী উপ-পৰিদৰ্শক। নগাঁও আৰক্ষী ছাউনীত কৰ্মৰত আব্দুল মতলিব নামৰ সহকাৰী উপ-পৰিদৰ্শক গৰাকীয়ে নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক(সদৰ) ত্ৰিদিৱ কুমবাঙক আজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ১০ হাজাৰ টকা উৎকোছ দিবলৈ বিচাৰে। কিন্তু উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে এই বিষয়ে লগে লগে নগাঁও আৰক্ষী অধীক্ষক লীনা দলেক অৱগত কৰাত তেঁও আব্দুল মতলিবক আটক কৰে। ইতিমধ্যে আব্দুল মতলিবৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙে। এই সংক্ৰান্তত নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি আব্দুল মতলিবৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে, থানালৈ বদলিৰ বাবে শীৰ্ষ বিষয়াক উৎকোচ দিয়া কাৰ্যই বৰ্তমানেও আৰক্ষী থানা সমূহত চলি থকা দূৰ্নীতিৰ কথাকেই পুনৰ প্ৰমাণ কৰিলে।

No comments