Breaking News

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ টেঙানিত একেদিনাই ১ লাখ গছপুলি ৰোপণ

 



বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ টেঙানীৰ দুই নৈ মুখত সৰুপথাৰ সমষ্টিৰ বিধায়ক  বিশ্বজিৎ ফুকনৰ উদ্যোগত আৰু গোলাঘাট জিলা বন বিভাগ, চি আৰ পি এফৰ ১৪২ বেটেলিয়ন, জিলা গ্ৰামোন্নয়ন অভিকৰণ, টেঙানী গাঁওবুঢ়া সন্থা আৰু বিভিন্ন দল-সংগঠন তথা ৰাইজৰ সহযোগত ১ লাখ গছপুলি ৰোপণ কৰা হয় । এই কাৰ্যসূচীত বিধায়ক গৰাকীৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই বন্তি প্ৰজ্বলন কৰি, ফিটা কাটি গছপুলি ৰোপণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে । অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনছেংফা বৰুৱা, চি আৰ পি এফৰ উপ মহা পৰিদৰ্শক  এম আৰ ৰাৱত, চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ কমাণ্ডেন্ট ভি কে বৈষ্ণৱ, অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, মাণ্ডলিক বন বিষয়া সুশীল কুমাৰ ঠাকুৰীয়া, বিজেপিৰ জিলা সভাপতি দেৱপ্ৰদীপ বৰা, জিলা আৰু মহকুমা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া, আৰক্ষী-চি আৰ পি এফৰ বিষয়া-জোৱান, বিজেপিৰ নেতা-কৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু ভালেসংখ্যক ৰাইজে অংশগ্ৰহণ কৰি গছপুলি ৰোপণ কৰে ।



No comments