Breaking News

গোলাঘাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠানত ফণীধৰ বৰদলৈ হাইস্কুলত বিশ্ব পৰিবেশ দিৱস উদযাপন।

 


গোলাঘাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠানত ফণীধৰ বৰদলৈ হাইস্কুলত বিশ্ব পৰিবেশ দিৱস উদযাপন।


ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাট নগৰৰ ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি মেম'থ যুৱ আৰু পাৰিপাৰ্শ্বিক সংঘৰ সৌজন্যত  বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। পুৱা ৯বজাত প্ৰাত: সভাৰে আৰম্ভ কৰা অনুষ্ঠানৰ আঁত ধৰে সহকাৰী শিক্ষক ৰূপজ্যোতি ফুকনে। ইয়াৰ পিছতে ৰূপজ্যোতি ফুকনে সমবেত ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত সকলোকে বিশ্ব পৰিবেশ দিৱসৰ শপত বাক্য পাঠ কৰোৱায়।

এই দিৱসৰ অন্যতম উদ্দেশ্য গছপুলি ৰোপণৰ কাৰ্যসূচীত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বিবেকানন্দ শৰ্মা, বিদ্যালয় প্ৰধান উজ্বল বৰুৱা, জ্যেষ্ঠ শিক্ষক অৰুণ কোঁৱৰ, অঞ্জন কন্দলী আৰু কিশোৰ কুমাৰ গগৈয়ে একোটিকৈ অগৰু গছৰ পুলি ৰোপণ কৰে। ইয়াৰ উপৰিও ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ইন্দ্ৰজিৎ নাথৰ লগতে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে ফুল আৰু ফলৰ পুলি ৰোপণ কৰে। এই দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত "বিশ্ব পৰিবেশৰ প্ৰত্যাহ্বান সমূহ/আমাৰ চৌপাশৰ প্ৰতি সচেতনতাৰ গুৰুত্ব" শীৰ্ষক এখনি বক্তৃতা প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় দশম মানৰ ইন্দ্ৰজিৎ নাথ, ঠিক সেইদৰে দ্বিতীয় স্থান লাভ কৰে সপ্তম মানৰ দেইজি দেৱী আৰু তৃতীয় স্থান দখল কৰে যুটীয়াভাৱে দশম মানৰ কংকনা শৰ্মা আৰু ষষ্ঠ শ্ৰেণীৰ এঞ্জেলিনা বৰুৱায়। "গছ আমাৰ জীৱন"এই শ্লোগানেৰে বিশ্ব পৰিবেশ দিৱসৰ সামৰণি পৰে।

No comments