Breaking News

ক’লৈ গ’ল দেশলৈ ঘূৰা অনাৰ ক’লাধনৰ প্ৰতিশ্ৰুতি



আঠ বছৰ আগৰ কথা৷ ২০১৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ হৈছিল নৰেন্দ্ৰ মোদীৰ নাম৷ আৰু নিৰ্বাচনী সভাবোৰত তদানীন্তন গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত আখৈ ফুটাদি ফুটিছিল ছুইছ বেংকত থকা ভাৰতীয়ৰ ক’লাধন দেশলৈ ঘূৰাই অনাৰ কথা৷ আৰু সেই ধন ঘূৰাই আনি ভাৰতীয়ৰ একাউণ্টত ১৫ লাখ টকাকৈ দিয়া হ’ব বুলি সদম্ভে ঘোষণা কৰিছিল মোদীয়ে৷


আৰু নৰেন্দ্ৰ মোদীৰ সেই প্ৰতিশ্ৰুতি আৰু ঘোষণাক বিশ্বাসত লৈছিল দেশবাসীয়ে৷ দেশত আহিছিল মোদী ধুমুহা৷ মোদী ঢৌ অথবা ধুমুহাত তচনচ হৈ গৈছিল বিৰোধী কংগ্ৰেছ৷ আৰু অভিলেখ স্থাপন কৰি দেশৰ প্ৰধানমন্ত্ৰী হৈছিল নৰেন্দ্ৰ মোদী৷


 ২০১৯ বৰ্ষত দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ল নৰেন্দ্ৰ মোদী৷ এতিয়া ২০১৪ৰ সেই ঘোষণাই অতিক্ৰম কৰিলে ৮ বছৰ ৬ মাহ৷ এনে সময়তে ছুইজাৰলেণ্ডৰ চৰকাৰে দেশখনৰ কেন্দ্ৰীয় বেংকৰ তথ্য প্ৰকাশ কৰি জনাইছে যে ২০২১ বৰ্ষত ভাৰতীয় নাগৰিকে ছুইছ বেংকত ৩.৮৩ বিলিয়ন ছুইছ ফ্ৰাংক জমা কৰিছে৷ ভাৰতীয় মুদ্ৰাত সেই পৰিমাণ ৩০,৫০০ কোটি টকা৷ তাৎপৰ্যপূৰ্ণ কথাটো এয়ে যে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হৈ থকা সময়ছোৱাৰ ভিতৰতে ২০২১ বৰ্ষত ভাৰতীয় নাগৰিক বা কোম্পানীয়ে ছুইছ বেংকত যিমান টকা জমা কৰিছে, সেয়া বিগত ১৪ বছৰৰ সৰ্বাধিক৷


 অথচ, এই বিষয়ত আজিকালি মৌনতা অৱলম্বন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ প্ৰধানমন্ত্ৰী হ’লে দেশৰ ক’লাধন ঘূৰাই আনি ১৫লাখকৈ টকা দিব বুলি ঘোষণা কৰা মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱা চাৰে আঠবছৰ হ’ল৷ প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪ চনত শাসনলৈ অহাৰ ১০০ দিনৰ ভিতৰত বিদেশী বেংকত জমা থকা সকলো ক’লা ধন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল আৰু তাৰ পিছত ২০১৬ চনত বিমুদ্ৰাকৰণৰ ৫০ দিনৰ ভিতৰত পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল। এতিয়া মোদীৰ সেই প্ৰতিশ্ৰুতি কি হ’ল বুলি প্ৰশ্ন কৰে চিপিআই (এম)য়ে৷

No comments