Breaking News

এগৰাকী মহিলাক যাৱজ্জীবন কাৰাদণ্ডৰে দণ্ডিত গোলাঘাট জিলা সত্ৰ ন্যায়াধীশ বিনোদ কুমাৰ চান্দক আদালতৰ

 



ডিজিটেল,সংবাদ,গোলাঘাটঃ গোলাঘাট জিলা সত্ৰ ন্যায়াধীশ বিনোদ কুমাৰ চান্দক আদালতে বৃহস্পতিবাৰে session case no 2/2019 গোচৰত বিচাৰৰ অন্তত অভিযোগটো প্ৰমাণ হোৱাত আচামীক প্ৰিয়া ঠাকুৰীয়াক দোষী সাব্যস্ত হোৱাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাত যাৱজ্জীবন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১০,০০০ টকা জৰিমনা বিহে।  জৰিমনা অনাদায় হ'লে অতিৰিক্ত তিনিমাহৰ কাৰাদণ্ড বিহে। 


ঘটনাৰ অভিযোগ অনুসৰি ২০১৭ চনৰ ২২ মাৰ্চৰ সন্ধ্যা প্ৰায় ৬ বজাত ঘৰত কোনো নথকাৰ সুযোগ লৈ আচামী প্ৰিয়া ঠাকুৰীয়াই তাইৰ নিজ শাহুৱেকক এডাল বাঁহৰ লাঠিৰে মাৰি মূৰত জখম কৰি ৭ বছৰীয়া পুত্রক লৈ ঘটনাস্থলীৰ পৰা পলাই যায়। পাছত তাইৰ গিৰিয়েক  ঘৰত আহি মাকক তেজেৰে লুতুৰি পুতুৰি  হৈ জখমি অৱস্থাত পৰি থকা পাই হস্পিটেলত ভৰ্তি কৰাই আৰু হস্পিটেলত তাইৰ মৃত্যু হয়। 


আচামীৰ ঘৰ গোলাঘাট থানাৰ অন্তৰ্গত পুলিবৰৰ কচু গাঁৱত। 

মৃতকৰ নাম আছিল পুনেশ্বৰী ঠাকুৰীয়া।

No comments