Breaking News

বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ উত্তীৰ্ণৰ হাৰ ৫১.৮৬ শতাংশঃ

 


অজন্তা তালুকদাৰ, বোকাখাত:আজি ঘোষিত হোৱা অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্রটোৰ উত্তীৰ্ণৰ হাৰ ৫১.৮৬ শতাংশ। কেন্দ্ৰটোত বোকাখাতৰ মুঠ ২৪ খন বিদ্যালয়ৰ ১২০৫ গৰাকী ছাত্র ছাত্রী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীর্ণ হৈছিল। ইয়াৰে ৬২৫ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থী সকলৰ ৩৭ গৰাকী ডিষ্টিংচন, ৬৮ ষ্টাৰ, ১৩৮ প্ৰথম বিভাগ, ২৫৩ দ্বিতীয় বিভাগ,১২৯ তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। কেন্দ্ৰটোৰ চাৰিখন বিদ্যালয় ক্ৰমে ৰাইজিং চান ইংলিছ হাইস্কুল, কাজিৰঙা মডাৰ্ণ হাইস্কুল, বোকাখাত শংকৰদেৱ শিশু বিদ্যা নিকেতন আৰু কঁহৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ।  

No comments