Breaking News

বিদ্যালয় একত্ৰিকৰনৰ বিৰুদ্ধে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ টায়ুং গাঁও প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন।

 


ডিজিটেল সংবাদ,দেৰগাঁওঃ দেৰগাৱঁৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ মিচিং অধ্যুষিত টায়ুং গাঁৱত মঙ্গলবাৰে সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ।

গাঁওখনৰ ১৯৬২ চনতে স্থাপিত হোৱা দেৰগাঁও উত্তৰ শিক্ষা খণ্ডৰ অন্তৰ্গত টায়ুং গাঁও প্ৰাথমিক বিদ্যালয়ৰ চৌহদত সৃষ্টি হয় এই উত্তেজনাময় পৰিস্থিতিৰ ।

বৰ্তমান সময়ত এই বিদ্যালয়খনত প্ৰায় ৬০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু দুগৰাকী শিক্ষয়িত্ৰীয়ে সুন্দৰকৈ চলায় আছে ।কিন্তু চৰকাৰী নিয়মমতেই ওচৰাওচৰিকৈ থকা দুখন বিদ্যালয় একত্ৰিকৰন কৰাৰ ব্যৱস্থাৰ বাবেই এই বিদ্যালয়খন সমীপৱৰ্ত্তী চকীয়াল প্ৰাৰ্থমিক বিদ্যালয়ৰ লগত সংলগ্ন  কৰাৰ নিৰ্দেশনা আহিছে ।নিয়মমতে কম সংখ্যক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খন ছাত্ৰ-ছাত্ৰী অধিক থকা বিদ্যালয়ৰ সৈতে সংলগ্ন কৰা হয় ।কিন্তু এইখন বিদ্যালয়ত প্ৰায় ৬০  গৰাকী ছাত্ৰ-ছাত্ৰী লগতে আছে বহু উন্নত মানৰ আন্তঃগাঁথনিও। অন্যহাতে চকীয়াল প্ৰাৰ্থমিক বিদ্যালয়লৈ এখন দলং আৰু অতি ব্যস্ত কমলামিৰি পথৰ বাঘবাৰী চাৰিআলি পাৰ হৈ যাব লাগিব কন কন শিশুসকল। যাৰ বাবে চিন্তিত হৈ পৰিছে অভিভাৱক সকল। সেয়ে চৰকাৰৰ এই একত্ৰিকৰনৰ  সিদ্ধান্তৰ বিৰূদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিল স্থানীয় ৰাইজ ।এখন ৰাজহুৱা প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ৰাইজে গাঁওখনৰ মাজেদি প্ৰতিবাদী সমদল বাহিৰ কৰি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।  ৰাইজৰ স্পষ্ট মন্তব্য সকলোৰে আবেগ জড়িত হৈ থকা এই টায়ুং গাঁও  প্ৰাথমিক বিদ্যালয়খন কোনো কাৰনতে স্থানান্তৰিত কৰিবলৈ দিয়া নহ'ব।

No comments