Breaking News

নলবাৰীত এখন বিদ্যালয় ৰক্ষাৰ্থে ওলাই আহিল গাওঁবাসী।



ডিজিটেল সংবাদ,নলবাৰীঃ নলবাৰীত এখন বিদ্যালয় ৰক্ষাৰ্থে ওলাই আহিল গাওঁবাসী।নলবাৰী বৰবৰৰা গাওস্থিত ষাঠি বছৰ গৰকী যোৱা বিদ্যালয় ৰক্ষাৰ্থে ওলাই আহিল শতাধিক লোক।

নলবাৰী জিলাৰ বৰবৰৰা গাওঁস্থিত ১৯৫৯ চনতে স্থাপন হোৱা এখন বিদ্যালয় হৈছে বৰবৰৰা প্ৰাথমিক বিদ্যালয়।উক্ত গাওঁখনৰ আবেগ-অনুভূতি জড়িত হৈ থকা প্ৰাথমিক বিদ্যালয়খনত সীমিত সংখ্যক ছাত্ৰ-ছাত্ৰী থকা হেতুকে বিদ্যালয়খন ওচৰৰে সোনকানী গাওস্থিত পানবাৰী প্ৰাথমিক বিদ্যালয়ৰ লগত একত্ৰিত কৰিব ওলোৱাত বৰবৰৰা গাওবাসী হতাবাক হৈ পৰে তথা লগতে মনকষ্টৰে ভৰি পৰে । ষাঠী বছৰ উকলি যোৱা বিদ্যালয় খনৰ লগত উক্ত গাওবাসীৰ জড়িত হৈ আছে আবেগ-অনুভূতি । এই বিদ্যালয় খনৰ পৰা অধ্যায়ণ কৰি যোৱা বহুতো ছাত্ৰ-ছাত্ৰী  সম্প্ৰতি সমাজৰ বিভিন্ন স্থানত অধাষ্ঠিত হৈ আছে ।কিন্তু বিদ্যালয়খনত সম্প্ৰতি সীমিত সংখ্যক ছাত্ৰ-ছাত্ৰী হোৱাহেতুকে বিদ্যালয়খন অন্য গাওলৈ নিব ওলোৱাত শতাধিক গাওবাসী বিদ্যালয়স্থলিলৈ ওলাই আহে।আনকি উক্ত বিদ্যালয়তে এসময়ত অধ্যয়ণ কৰা বিশেষভাৱে সক্ষম ব্যক্তি এজনো ওলাই আহে বিদ্যালয়খন স্থানান্তৰ নকৰিবলৈ । সকলোৱে চৰকাৰক আহ্বান জনাই যাতে এই বিদ্যালয়খন স্থানান্তৰিত নকৰে । আনকি বিদ্যালয়খনত অধ্যায়ণৰত কণ-কণ বিদ্যাৰ্থী সকলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই যে মামা আমাৰ বিদ্যালয়খন বেলেগত নিনিব । লক্ষনীয় হব ৬৩ বছৰ হোৱা বৰবৰৰা প্ৰাথমিক বিদ্যালয় খন ৰাইজৰ আবেগ-অনুভূতিলে লক্ষ্য ৰাখি কি পদক্ষেপ লৈ বিভাগীয় কতৃপক্ষই ।


No comments