Breaking News

ইটালীৰ 'GRAZIA' আলোচনীৰ বেটুপাতত লাভলীনা

 


ডিজিটেল সংবাদঃ বক্সাৰ লাভলীনাৰ অনন্য ৰূপ। বক্সিং ৰিঙত নহয় এইবাৰ ধুমুহাৰ সৃষ্টি কৰিছে আন এখন ক্ষেত্ৰত। ইটালীৰ জনপ্ৰিয় ফেশ্বন মেগাজিনৰ বেটুপাতত জিলিকিল অসম কন্যা লাভলীনা। বিশ্বৰ বিভিন্ন দেশত সংস্কৰণ থকা ইটালীৰ জনপ্ৰিয় মেগাজিন ‘গ্ৰেজিয়া’ৰ ভাৰতৰ সংস্কৰণৰ বেটুপাতত লাভলীনাৰ মোহময়ী ৰূপ, ধুমুহাৰ গতিত ভাইৰেল হৈছে ফটো। বক্সিঙৰ সমান্তৰালভাৱে  ফেশ্বনৰ জগততো সমানেই উজলিছে ৰাজ্যৰ তাৰকা খেলুৱৈ লাভলীনা বৰগোঁহাই। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ‘ভগ’ আলোচনীৰো বেটুপাতত স্থান পাইছিল লাভলীনাই।

‘টকিঅ’ অলিম্পিকত ব্ৰঞ্জ জয়েৰে ইতিহাস ৰচনা কৰা তাৰকা বক্সাৰ লাভলীনাই ইটালীৰ মহিলাৰ ফেশ্বন আলোচনী ‘গ্ৰেজিয়া’ৰ শেহতীয়া ভাৰতীয় সংস্কৰণৰ বেটুপাতত স্থান পাইছে।কিছুদিন পূৰ্বে ৰেম্পত খোজ দিও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল অসম গৌৰৱ লাভলীনাই।

No comments