Breaking News

জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈৰ পত্নী তথা শিক্ষয়িত্ৰী নিজৰা ফুকনৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু…



ডিজিটেল ডেস্কঃ গোলাঘাটৰ নিবাসী, জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈৰ পত্নী তথা শিক্ষয়িত্ৰী নিজৰা ফুকন হৃদৰোগত আক্ৰাম্ত হৈ শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে। পুৱতি নিশা ২.৪৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে নিজৰা ফুকনে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৪৯বছৰ। দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ থকা ফুকন পুলিবৰ আদৰ্শ বিদ্যাপীঠৰ শিক্ষয়ত্ৰী আছিল। 

উল্লেখ্য যে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত নিয়মীয়া চেকআপৰ বাবে আহোঁতে ফুকন গুৰুতৰভাৱে অসুস্থ হৈ পৰে।

শিক্ষয়ত্ৰীগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ গোলাঘাটতে শোকৰ ছাঁ পৰিছে।

 

No comments