Breaking News

হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাঁচটা বিষয়ত লেটাৰসহ ষ্টাৰ নম্বৰ লাভেৰে উজলিল উত্তৰ গুৱাহাটী ঘোৰামাৰাৰ মানসজ্যোতি ভৰালী ।



ডিজিটেল সংবাদ, কামৰূপঃ  সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৩ শতাংশ নম্বৰ লাভ কৰি উজলি উঠিল বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ঘোৰামাৰাৰ মানসজ্যোতি ভৰালী। উত্তৰ গুৱাহাটীস্থিত শংকৰদেৱ শিশু নিকেতনৰ মেধাৱী ছাত্ৰ গৰাকীয়ে লাভ কৰা এই সাফল্যই এতিয়া ঘোৰামাৰা গাঁৱখনলৈ আনন্দৰ বন্যা কঢ়িয়াই আনিছে। মেধা ছাত্ৰ মানসজ্যোতি ভৰালীয়ে সাধাৰণ গণিতত ৯৮, ফাইন আৰ্টছত ৮১, সমাজ বিজ্ঞানত ৮০, ইংৰাজীত ৮৪, অসমীয়াত ৮৩, মুঠ পাঁচটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভেৰে ৮৩ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মানসজ্যোতি ভৰালীয়ে নিয়মিত  ৮ পৰা ১০ ঘণ্টাকৈ অধ্যয়ণ কৰিছিল বুলি ছাত্ৰ গৰাকীয়ে জানিবলৈ দিছে । মানসজ্যোতি ঘোৰামাৰা নিবাসী তথা আই আই টিৰ ইলেক্ট্ৰনিক বিভাগৰ তত্বাৱধান শাখাৰ কৰ্মচাৰী ভুবনেশ্বৰ ভৰালী আৰু ৰুমী ভৰালীৰ একমাত্ৰ পুত্ৰ সন্তান। জানিব পৰা মতে এই সফলতাৰ পিছত ছাত্ৰ গৰাকীয়ে ভবিষ্যতলৈ এগৰাকী সফল আৰ্কিটেক্সাৰ হোৱাৰ হেঁপাহ মনত পুহি ৰাখিছে । যাৰবাবে মানসজ্যোতিয়ে বিজ্ঞান শাখাত অধ্যয়ন কৰি নিজৰ সপোন পুৰণ কৰিবলৈ আগুৱাই যাব বুলি জানিবলৈ দিছে।

No comments