Breaking News

১৮ জুলাইত অনুষ্ঠিত হ’ব ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন, ঘোষণা নিৰ্বাচন আয়োগৰ



আগন্তুক ১৮ জুলাইত অনুষ্ঠিত হ’ব ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচন । বৃহস্পতিবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰে এই কথা  । আয়োগে লগতে আৰু জনাই যে  ভোট গণনাৰ প্ৰয়োজনীয়তা আহিলে ২১ জুলাইত অনুষ্ঠিত হ’ব ভোটগণনা। 

উল্লেখ্য যে ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল শেষ হ’ব ২৪ জুলাইত। ২০১৭ চনত বিজেপিয়ে দেশৰ সৰ্বোচ্চ এই পদৰ বাবে বিহাৰৰ তদানীন্তন ৰাজ্যপাল ৰামনাথ কোবিন্দক নিৰ্বাচিত কৰিছিল। ২৫ জুলাইত অনুষ্ঠিত হ’ব নতুন ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠান।

No comments