Breaking News

বিসম্বাদী ৰাজনীতিৰ ৰাজধানী নেকি গুৱাহাটী


 

সংকটত মহাৰাষ্ট্ৰৰ চৰকাৰ। চুৰাটৰ পৰা আহি বুধবাৰৰ পুৱাই গুৱাহাটীত উপস্থিত  ৪০ জন বিসম্বাদী বিধায়ক। বিসম্বাদী ৰাজনীতিৰ ৰাজধানী গুৱাহাটী হৈ পৰিল নেকি?ইয়াৰ পূৰ্বেও গুৱাহাটীৰ পৰা আন কেইবাখনো ৰাজ্যৰ ৰাজনীতিৰ উত্থান-পতন নিয়ন্ত্ৰণ হৈছিল।শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্ধেৰ নেতৃত্বত উদ্ধৱ থাকৰে চৰকাৰৰ বিৰুদ্ধে চলা চৰকাৰ হটাও এই অভিযানত হয়তো বিজেপিয়ে শেষ হাঁহি মাৰিব। কিন্তু ই আকৌ এবাৰ গণতন্ত্ৰৰ প্ৰতি চৰম আঘাত সানিলে। মহাৰাষ্ট্ৰৰ দৰে এখন ৰাজ্যৰ ৰাজনীতি শিৱসেনাৰ নেতৃত্বত এন চি পিৰ সহযোগত নিয়ন্ত্ৰিত হৈছিল।ৰাজ্যখনত মুঠ বিধানসভাৰ আসন আছিল ২৮৮ খন।২০১৯ ৰ ২১ অক্টোবৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপিয়ে ১০৫ খন আসন লাভ কৰিছিল, শিৱসেনাই ৫৬ খন, এন চি পিয়ে ৫৪ খন কংগ্ৰেছে ৪৬ খন আৰু অন্যান্যই ১৩ খন আসন লাভ কৰিছিল।তাৰপাছত বহুজন বিকাশ আঘাৰী চৰকাৰ গঠন কৰিছিল উদ্ধৱ থাকৰেৰ নেতৃত্বত। মহাৰাষ্ট্ৰ দৰে এখন ৰাজ্যত বিজেপিৰ এই পতন দলটোৱে সহজভাৱে ল’ব পৰা নাছিল। বিশেষকৈ শিৱসেনাৰ সৈতে বিজেপিৰ সংঘাত সেই সময়ত স্পষ্ট ৰূপত প্ৰকাশ পাইছিল। সেয়েহে তেতিয়াৰ পৰাই  চৰকাৰ গঠন কৰিও ক্ষমতাত থাকিব নোৱাৰা পোতক তুলিবলৈ বিজেপিয়ে সদায় চেষ্টা চলাই আহিছে।

চৰকাৰ গঠন কৰিবলৈ বিজেপিক প্ৰয়োজন হোৱা বিধায়কৰ সংখ্যা তাকৰ নাছিল। এক প্ৰকাৰৰ উলম্ব বিভাজন কৰি শিৱসেনাৰ গৰিষ্ঠ সংখ্যক বিধায়কক নিজৰ পক্ষলৈ অনাত সফল হ’ল বিজেপি। দলত্যাগ আইনৰ আওতাত নপৰিবলৈ নুন্যতম ৩৭ জন বিধায়কে দল এৰিব লাগে যদিও শিৱসেনাৰ বিসম্বাদী মন্ত্ৰী তথা দলটোৰ প্ৰাক্তন মুখ্য সচেতক একনাথ সিন্ধেৰ দাবী তেওঁৰ সৈতে শিৱসেনাৰ ৪০ জন বিধায়কৰ সমৰ্থন আছে। ইয়াৰ উপৰিও নিৰ্দলীয়া ৭ জন বিধায়কে তেওঁক সমৰ্থন দিব বুলি দাবী কৰিছে।গুৱাহাটীলৈ অহা বিসম্বাদী বিধায়ক সকলৰ ভিতৰত ৩৩ জন শিৱসেনাৰ আৰু ৭ জন নিৰ্দলীয় বিধায়ক আছে। যিকোনো মুহুৰ্ততে শিৱসেনাৰ চৰকাৰ পতন হৈ শিৱসেনাৰ বিদ্ৰোহী বিধায়কৰ সমৰ্থনত বিজেপিয়ে মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিব বুলিয়েই এতিয়া চৰ্চা চলিছে।

No comments