Breaking News

দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থী



দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থী। ১৮ জুলাইত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভাৰতী জনতা পাৰ্টীয়ে চূডান্ত কৰিছে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম। মঙলবাৰে দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত সংসদীয় ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত কৰাৰ পিছতে দলটোৱে মুৰ্মুৰ নাম ঘোষণা কৰে। 

 মঙলবাৰে দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত সংসদীয় ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত কৰাৰ পিছতে দলটোৱে ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৰ নাম ঘোষণা কৰে। সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা আদি উপস্থিত আছিল।


উত্তৰ প্ৰদেশৰ পৰা দলিত নেতা ৰামনাথ কোবিন্দৰ পিছত বিজেপিয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰক্ষেপ কৰিছে পূব ভাৰতৰ ওড়িশাৰ পৰা জনজাতীয় মুৰ্মুক।

No comments