Breaking News

গোলাঘাট জাতীয় বিদ্যালয়ৰ উদ্যোগত সদৌ অসম ভিত্তিত ৰচনা প্ৰতিযোগিতাৰ আয়োজন



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ অসমীয়া মাধ্যমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান গোলাঘাট জাতীয় বিদ্যালয়ৰ উদ্যোগত সদৌ অসম ভিত্তিত এখনি ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উক্ত প্ৰতিযোগিতাখন দ্বাদশ শ্ৰেণীৰ পৰা সকলোৰে বাবে মুকলি। ৰচনাৰ বিষয় : সাম্প্ৰতিক সময়ত যুৱ উচ্ছৃংখলতা দূৰ কৰি ড্ৰাগচ আৰু সুৰামুক্ত নৱ প্ৰজন্ম গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষানুষ্ঠান সমূহৰ পাঠ্যক্ৰম বৰ্হিভূত কিছু কৰণীয়। ' ৰচনাসমূহ ৮০০ ৰ পৰা ১০০০ শব্দৰ ভিতৰত হ'ব লাগিব। প্ৰথম পুৰস্কাৰ দহ হাজাৰ টকা,  দ্বিতীয় পুৰস্কাৰ সাত হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে পাঁচ হাজাৰ নগদ টকাৰে পুৰস্কৃত কৰা হ'ব। এই পুৰস্কাৰ অসমৰ প্ৰথিতযশা সাহিত্যিক,  সাংবাদিক তথা বুদ্ধিজীৱী প্ৰয়াত হোমেন বৰগোহাঞিৰ নামত গোলাঘাট জাতীয় বিদ্যালয়ে প্ৰৱৰ্তন কৰা ' হোমেন বৰগোহাঞি সোঁৱৰণী বঁটা ' হিচাপে নামকৰণ কৰি প্ৰতি বছৰে বিভিন্ন প্ৰতিযোগিতাৰ জৰিয়তে বিজয়ীসকলক এই বঁটা প্ৰদান কৰা হ'ব। ইচ্ছুক প্ৰতিযোগীসকলে নিজৰ ৰচনাসমূহ অহা ১ চেপ্তেম্বৰৰ ভিতৰত গোলাঘাট জাতীয় বিদ্যালয়, হামদৈ পথাৰ, ধোদৰ আলি,  গোলাঘাট, ৭৮৫৬২১ ঠিকনাত প্ৰেৰণ কৰিব পাৰিব অথবা  gjvidyalaya2000@gmail.com ত মেইল কৰিব পাৰিব। অধ্যয়নৰত প্ৰতিযোগীসকলে নিজৰ ৰচনাসমূহৰ লগত সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ মুৰব্বীৰ স্বাক্ষৰিত প্ৰমাণপত্ৰ আৰু বাকী সকলে নিজৰ পৰিচয়পত্ৰৰ প্ৰতিলিপি গাঁঠি দিব লাগিব।প্ৰতিযোগী সকলে নিজৰ নাম, সম্পূৰ্ণ ঠিকনা আৰু যোগাযোগৰ নম্বৰ লিখাটো বাঞ্ছনীয়।

No comments