Breaking News

''আজ মেৰা ঘৰ টুটা, কাল তেৰা.


''আজ মেৰা ঘৰ টুটা, কাল তেৰা...'' কংগনা ৰাণাৱটৰ 'অভিশাপ' লাগিল নেকি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ। উদ্ধৱ থাকৰে চৰকাৰৰ সংকটৰ সময়ত কিয় পুনৰ চৰ্চালৈ আহিছে অভিনেত্ৰী কংগনা ৰাণাৱটৰ নাম। উদ্ধৱ থাকৰে চৰকাৰৰ সংকটৰ সময়ত ভাইৰেল হৈ পৰিছে কংগনা ৰাণাৱটৰ পুৰণি ভিডিঅ’ য’ত কোৱা হৈছিল ''আজ মেৰা ঘৰ টুটা, কাল তেৰা...''

মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে চৰকাৰৰ সংকট সময়ত নেটিজেনৰ মাজত চৰ্চিত হৈছে এটা পুৰণি বিষয়। বহুতে প্ৰশ্ন কৰিছে- বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ 'অভিশাপ' লাগিল নেকি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ মিত্ৰজোঁট চৰকাৰৰ ওপৰত। কংগনাৰ এটা পুৰণি ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে নেটিজেনৰ এটা অংশই উদ্ধৱক তেওঁৰ পুৰণি 'কৰ্ম' সোঁৱৰাই দিয়ে।

ঘটনাটো আছিল ২০২০ চনৰ ছেপ্টেম্বৰত বৃহন্মুম্বাই পৌৰ নিগমে অবৈধ নিৰ্মাণৰ অভিযোগত মুম্বাইত কংগনাৰ কাৰ্যালয় ভাঙি পেলাইছিল । কংগনাই বিএমচিৰ পদক্ষেপৰ আগতেই শিৱসেনাৰ মুখপাত্ৰ সঞ্জয় ৰাউতৰ সৈতে টুইটত বিতৰ্কত লিপ্ত হৈছিল। তাৰ পিছতে বিএমচিয়ে তেওঁৰ কাৰ্যালয় ভাঙে। সেই সময়ত কংগনাই টুইটাৰযোগে উদ্ধৱ থাকৰেক  ইটোৰ পিছত সিটো টুইটেৰে সমালোচনা কৰিছিল। ক্ষুব্ধ হৈছিল কংগনা।


No comments