Breaking News

জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ত শিৱসাগৰ জিলা ভিত্তিক কুইজ প্ৰতিযোগিতা


ডিজিটেল সংবাদঃ  আজাদি কা অমৃত মহোৎসৱৰ অন্তৰ্ভুক্ত কাৰ্যসূচী হিচাপে আজি জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বুৰঞ্জী বিভাগৰ উদ্যোগত তথা মহাবিদ্যালয় 'কেৰিয়াৰ পৰামৰ্শ দান কোষ'ৰ সহযোগত শিৱসাগৰ জিলাৰ শিক্ষানুষ্ঠান সমূহৰ ছাত্র-ছাত্ৰীৰ মাজত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিৱসাগৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ ১১ টা প্ৰতিযোগী দলে ভাগ লোৱা কুইজ প্ৰতিযোগিতাখনি উদ্বোধন কৰে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মানজিৎ গগৈয়ে। মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক ছাজিদুল হক বৰবৰা, সহকাৰী অধ্যাপক তীৰ্থ বৰুৱা আৰু অসমীয়া বিভাগৰ  সহকাৰী অধ্যাপক  জীৱমণি নাথে পৰিচালনা কৰা প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ দল হিচাপে  স্থান লাভ কৰে  ক্ৰমে মৰাণ মহাবিদ্যালয়, খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু অৰুনোদইৰ একাডেমী, আমগুৰি। বঁটা বিতৰণ অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ  ২০১৯-২০ বর্ষৰ বাৰ্ষিক আলোচনী খনি উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মানজিৎ গগৈয়ে। আলোচনীখনিৰ এই সংখ্যাৰ সম্পাদনা লাকীমণি নাথৰ।

No comments