Breaking News

"মোক অপহৰণ কৰা হৈছিল, চুৰাটত বন্দী কৰা হৈছিল, ঈশ্বৰৰ কৃপাত, মই সুৰক্ষিত, মই উদ্ধৱ ঠাকৰেৰ সৈতে আছো।



"মোক অপহৰণ কৰা হৈছিল, চুৰাটত বন্দী কৰা হৈছিল, ঈশ্বৰৰ কৃপাত, মই সুৰক্ষিত, মই উদ্ধৱ ঠাকৰেৰ সৈতে আছো।

" মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতিয়ে অধিক নাটকীয় ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। একনাথ সিন্দেৰ নেতৃত্বত চৰকাৰৰ বিৰুদ্ধে বিসম্বাদত লিপ্ত থকা শিৱসেনাৰ বিধায়কসকলৰ স্থিতিক লৈ এতিয়া সন্দেহ ঘণীভূত হৈ উঠিছে। সিন্দে শিবিৰত যোগ দিয়া বুলি ধাৰণা কৰা এগৰাকী বিধায়কৰ স্থিতিক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা। মূল সুঁতিলৈ উভতি অহা বিধায়কগৰাকীয়ে চাঞ্চল্যকৰ দাবী কৰি কৈছে যে, তেওঁক অপহৰণহে কৰা হৈছিল। এতিয়াও তেওঁ উদ্ধৱ থাকৰেৰ সমৰ্থনতে আছে।

শিৱসেনাৰ বিধায়ক নীতিন দেশমুখৰ ৰহস্যজনক অন্তৰ্ধান আৰু নাটকীয় প্ৰত্যাৱৰ্তনৰ পাছত এতিয়া ব্যাপক চৰ্চা চলিছে।

No comments