Breaking News

গোলাঘাটত বিভিন্ন ধ্বজাবাহী আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা কৃষিমন্ত্ৰীৰ

 




গোলাঘাটত বিভিন্ন ধ্বজাবাহী আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা কৃষিমন্ত্ৰীৰ

খেতিয়কৰ স্বাৰ্থই আমাৰ স্বাৰ্থ, কৃষকসকলক তেওঁলোকৰ প্ৰাপ্যৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে : অতুল বৰা

গোলাঘাট, ৬ জুন : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয় । উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত কৃষি, পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই অংশ লৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি চমুকৈ পি এম কিষাণ আৰু চৰকাৰৰ বিভিন্ন ধ্বজাবাহী আঁচনিৰ কাম-কাজ তথা অগ্ৰগতিৰ বুজ লয় । তেওঁ আঁচনিসমূহৰ পৰ্যালোচনা কৰি বৈঠকত অংশ লোৱা বিষয়াসকলক উদ্দেশ্যি কয় যে ৰাইজৰ কল্যাণৰ বাবে চৰকাৰে আঁচনি তথা নীতি গ্ৰহণ কৰে । কিন্তু ইয়াৰ সফল ৰূপায়ণৰ দায়িত্ব বিষয়া আৰু কৰ্মচাৰীসকলৰ ওপৰত ন্যস্ত থাকে । তেওঁ বিষয়াসকলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বিশেষভাবে প্ৰকৃত হিতাধিকাৰী যাতে বঞ্চিত নহয় তাৰ বাবে সতৰ্ক হ'বলৈ নিৰ্দেশ দিয়ে । তেওঁ কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে বিভাগটোৰ দ্বাৰা ৰূপায়িত পি এম কিষাণ আঁচনিৰ কাম-কাজ আৰু বিভিন্ন ধ্বজাবাহী আঁচনিৰ বিষয়ে বিতংভাবে আলোচনা কৰে । লগতে সমাগত বাৰিষাৰ বতৰত সম্ভাব্য বানপানীৰ জোৰা মাৰিব পৰাকৈ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰস্তুতি, বানৰ সময়ত স্বাস্থ্য আৰু পশুধনৰ যতনৰ বাবে স্বাস্থ্য বিভাগ, পশুপালন আৰু পশু চিকিৎসা বিভাগ আদিৰ প্ৰস্তুতি আদিৰো বুজ লয় ।



 তেওঁ কে চি চি ঋণ প্ৰদানৰ ক্ষেত্ৰত কৃষকসকলে যাতে সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে বেংকসমূহক কিছুমান বিষয় সতৰ্ক হৈ সমাধান কৰিবলৈ এল ডি এমক নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে লোকনিৰ্মাণ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ আৰু লোকনিৰ্মাণ গৃহ বিভাগৰো কাম-কাজৰ পৰ্যালোচনা কৰে ।পিছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে পি এম কিষাণ আঁচনিৰ অধীনত যাতে কোনো ভুৱা হিতাধিকাৰী উপকৃত নহয় তাৰ ওপৰত বিশেষভাবে গুৰুত্ব আৰোপ কৰা হৈছে । ৰাইজৰ স্বাৰ্থই আমাৰ স্বাৰ্থ বুলি উল্লেখ কৰি তেওঁ কয় যে কৃষকে পাবলগীয়াখিনিৰ পৰা তেওঁলোকক কোনেও বঞ্চিত কৰিব নোৱাৰে । কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বাধিক গুৰুত্ব দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই খণ্ডৰ জৰিয়তে যাতে যুৱক-যুৱতী সকল আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়েও এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে । তেওঁ কয় যে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ সৈতে ইতিমধ্যে বুজাবুজিৰ চুক্তি সম্পন্ন হৈছে । এই চুক্তি কাৰ্যকৰী হ'লে দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদন কৰিব পৰা যাব আৰু প্ৰায় আঢ়ৈ লাখ নিবনুৱাই সংস্থাপন লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । তেওঁ চৰকাৰী আঁচনিসমূহ যাতে সঠিক ৰূপত ৰূপায়ণ হয় তাৰ ওপৰত বিশেষভাবে গুৰুত্ব আৰোপ কৰে । বৈঠকত উপায়ুক্ত গৰাকীয়ে বিভিন্ন বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে । বিশেষকৈ জলজীৱন অভিযান, অমৃত সৰোবৰ, কে চি চি ঋণ, ইউ ডি আই ডি, পি এম স্বনিধি, পোষণ আদি আঁচনিৰ বিষয়ে বৈঠকত আলোচনা কৰা হয় । বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, সৰুপথাৰৰ মহকুমাধিপতি দিনচেংফা বৰুৱা, বিভিন্ন বিভাগৰ জিলা মুৰব্বী বিষয়াসকল, চক্ৰ বিষয়া আৰু প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল । 



No comments