Breaking News

শ্বাহৰুখ খান আৰু কেটৰিনা কাইফ কৰোনাত আক্ৰান্ত



শ্বাহৰুখ খান আৰু কেটৰিনা কাইফ আক্ৰান্ত হৈছে  কভিডত।  শ্বাহৰুখ আৰু কেটৰিনা কাইফে কেইদিনমান আগতে কৰণ জোহৰৰ ৫০ সংখ্যক জন্মদিন উদযাপন পাৰ্টিলৈ গৈছিল। যাৰ পিছত দুয়োগৰাকী তৰকাৰ দেহক কভিডৰ অৱস্থিতি ধৰা পৰিছে।


উল্লেখ্য যে কৰণ জোহৰৰ পাৰ্টিলৈ যোৱাৰ কেইদিনমান পিছত, অৰ্থাৎ ৪ জুনত কাৰ্তিক আৰ্যন আৰু আদিত্য ৰয় কাপুৰো কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল। যাৰ পিছত এতিয়া কেটৰিনা আৰু কিং খানৰ দেহতো  কৰোনা অৱস্থিতি ধৰা পৰিছে। 

 কৰণ জোহৰৰ এই বিশাল পাৰ্টিত অতিথি হিচাপে অহা ৫০ ৰ পৰা ৫৫ জন লোকৰ দেহলৈ কৰোনা সংক্ৰমিত হোৱাৰ আশংকা কৰা হৈছে।  ইতিমধ্যে শ্বাহৰুখ খান, কেটৰিনা কাইফ, কাৰ্তিক আৰ্যন আৰু আদিত্য ৰয় কাপুৰ কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। এনে পৰিস্থিতিত আৰু বহুতো চেলিব্ৰিটিৰ কভিড পজিটিভ হোৱাৰ আশংকা কৰা হৈছে। 


যোৱা বছৰো, কৰণ জোহৰৰ একে ধৰণৰ পাৰ্টি আছিল। য'ত বহুতো তৰকা কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল। 

No comments