Breaking News

থলুৱা তৰুতৃণবোৰ ৰক্ষা কৰকঃ অপূৰ্ব বল্লভ গোস্বামী

 থলুৱা তৰুতৃণবোৰ ৰক্ষা কৰকঃ অপূৰ্ব বল্লভ গোস্বামী

ডায়েট কামৰূপৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন



মিৰ্জা,৫ জুনঃ বন বিভাগে বনানীকৰণ বৃদ্ধি কৰি থলুৱা জাতৰ তৰুতৃণবোৰ  বচাবলৈ যত্নবান হওক। এই আহ্বান জনালে বিশিষ্ট পৰিৱেশকৰ্মী তথা সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপৰ সৌজন্যত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰে পৰিৱেশকৰ্মীগৰাকীয়ে। প্ৰতিষ্ঠানখনৰ অধ্যক্ষা ড° পংকজা বৰুৱাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত অপূৰ্ব বল্লভ গোস্বামীয়ে কয় যে বন ধ্বংসৰ পৰা মুক্ত হ'বলৈ হ'লে চৰকাৰে ৰাইজক আস্থাত লৈ কাম কৰিব লাগিব। আইনে জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে সকলো সুযোগ দিছে কিন্তু মানুহৰ দীৰ্ঘম্যাদী চিন্তা চেতনাইহে প্ৰকৃতাৰ্থত পৰিৱেশ ৰক্ষা কৰিব। কেৱল এদিন গছ পুলি ৰুলেই নহ'ব। বিশেষকৈ বন বননিবোৰত সেৰেঙা হৈ অহা আবাদী পুৰাবলৈ আমাৰ চিষ্টেম জাগ্ৰত হ'ব লাগিব। জলচৰ, স্থলচৰ তথা উভচৰ সকলোকে বচাই ভাৰসাম্যযুক্ত এখনেই পৃথিৱী ধাৰণাক আমি আগবঢ়াই লৈ যাব লাগিব। উল্লেখ্য যে আজিৰ এই বক্তৃতানুষ্ঠানটো আঁ‌ত ধৰে ডায়েটৰ প্ৰবক্তা ড° শিৰোমণি ভূঞাই। শলাগৰ শৰাই আগবঢ়াই ড° হিমালিনী বেজবৰুৱা। পুৱাতে আৱাসিক প্ৰশিক্ষাৰ্থীসকলৰ সহযোগত গছ পুলি ৰোপণ কাৰ্যসূচীত নেতৃত্ব লয় গ্ৰন্থাগাৰিক ভৰত ৰাজবংশীয়ে। 



অফলাইন আৰু অনলাইন- দুয়ো মাধ্যমতে অনুষ্ঠিত হোৱা সমগ্ৰ কাৰ্যসূচীত ডায়েটৰ প্ৰবক্তাসকল তথা শিক্ষক প্ৰশিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰাৰ লগতে এই মাহৰ অতিথিগৰাকীৰ সৈতে ভাব বিনিময় কৰে।

No comments