Breaking News

গোলাঘাটত কাব্য সংকলন "অনুভৱৰ পদূলি" উন্মোচন

 



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট পৌৰসভাৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত বিভা দাস বৰাৰ এখনি কাব্য সংকলন 'অনুভৱৰ পদুলি'ৰ উন্মোচনী অনুষ্ঠানত সভাপতিত্ব কৰোঁ। অৱসৰপ্ৰাপ্ত অধ্যাপক, বোলছবি পৰিচালক দীনেশ গগৈয়ে সংকলনটি উন্মোচন কৰে। কবি-সাহিত্যিক, বোলছবি প্ৰযোজক নুৰুল চুলতানে বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত শিক্ষাবিদ, সমাজসেবক ড০ লুকুমণি গোস্বামী, লোক সংগীতৰ সাধক ৰুমী শইকীয়া, ঔপন্যাসিক-কবি পাৰিজাত বৰুৱা, গোলাঘাট পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰাই বক্তব্য আগবঢ়াই কবি বিভা দাস বৰাৰ প্ৰতি শুভেচ্ছা আগবঢ়ায়। মনচুম বৰাই আঁতধৰা অনুষ্ঠানটিৰ অন্তত দ্বিজেন বৰাই শলাগৰ শৰাই আগবঢ়ায়। আৰম্ভণিতে পল্লৱী বৰুৱাই সুন্দৰকৈ এটি বৰগীত পৰিবেশন কৰে।

No comments