Breaking News

গোলাঘাট লায়ন্স ক্লাৱৰ প্ৰশংসনীয় পদক্ষেপঃ ১২ গৰাকী মহিলাক প্ৰদান কৰিলে একোটাকৈ চিলাই মেচিন

 

১২ টি চিলাই মেচিনে হয়তো ১২ টি পৰিয়ালৰ তাৎক্ষণিক ভাবে অৰ্থৰ নাটনি দূৰ কৰিব নোৱাৰে। কিন্তু ই হয়তো সেই ১২ টি পৰিয়ালৰ  আৰু তেওঁলোকৰ লগত সংপৃক্ত হৈ থকা বহু জনৰ জীৱন যুদ্ধৰ বাবে হাথিয়াৰ হব পাৰে ।




ডিজিটেল সংবাদ, গোলাঘাটঃ  গোলাঘাট লায়ন্স ক্লাৱৰ গৌৰৱোজ্জ্বল ৫০ বছৰীয়া মানৱ সেৱাৰ পৰিক্ৰমাত আজি আন এক প্ৰচেষ্টা । অৰ্থনৈতিক ভাৱে দূৰ্বল , পৰিয়াল পোহপালৰ বাবে  আহুকাল  হোৱা কিন্তু চিলাই আৰু এমব্রদাৰীত  দক্ষতা থকা ১২ গৰাকী মহিলাক ১২ টি ঊষা কোম্পানীৰ চিলাই মেচিন লায়ন্স ক্লাৱৰ সদস্য আৰু লায়ন্স ক্লাৱৰ লগত জড়িত ব্যক্তিয়ে অনুদান হিচাপে আগবঢ়ায় ।



 গোলাঘাট পৌৰসভা ৰ পৌৰপতি ,শ্ৰীযুতা দুলুমণি বৰবৰা , উপ পৌৰপতি শ্ৰী সীমান্ত বৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ লুকুমণি গোস্বামী, সমাজ সেৱিকা ৰূপা শইকীয়া আৰু সমাজৰ বিভিন্ন কৰ্মত জড়িত ব্যক্তিৰ উপস্থিতত আজি দিনৰ ভাগত গোলাঘাটৰ গুণাভিৰাম বৰুৱা ভৱনত অৱস্থিত লায়ন্স ক্লাৱৰ বহুমূখী সেৱা কেন্দ্ৰত ১২ গৰাকী মহিলাক ১২ টি চিলাই মেচিন প্ৰদান কৰা হয় ।


No comments