Breaking News

বান পৰিস্থিতিক লৈ গোলাঘাট জিলা প্ৰশাসনৰ নিৰ্দেশনা

  


গোলাঘাট জিলা প্ৰশাসনৰ দ্বাৰা ৰাইজৰ জ্ঞাতাৰ্থে এক নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি বিগত দিনত বৰষুণৰ ফলত নদী আৰু উপনৈ সমূহৰ জলস্তৰ বৃদ্ধি পাইছে । গতিকে নৈপৰীয়া ৰাইজক বানপানীৰ পৰা হব পৰা সম্ভাব্য বিপদ প্ৰতিহত কৰিবৰ বাবে সজাগ হৈ থাকিবলৈ সকলোকে  নিৰ্দেশনাযোগে তলত উল্লেখ কৰা নিয়মসমূহ পালন কৰিবলৈ আহ্বান জনাইছে..........

১/ বাঢ়নী পানীত গা-ধোৱা আৰু মাছ মাৰিবলৈ যোৱাৰ পৰা বিৰত থাকক ।

২/সৰু ল'ৰা ছোৱালীক নদী,জান -জুৰি,খাল,ডোং আদিৰ ওচৰত নাযাবলৈ আৰু নেখেলিবলৈ বাধ্য কৰাওক ।

৩/নদী,জান -জুৰি খাল ডোং আদি পানীত নাওঁ চলোৱাৰ পৰা বিৰত থাকক ।

৪/ বাঢ়নী পানীত খোজ কাঢ়িবলৈ নাযাব ।

৫/বাঢ়নী পানীত গাড়ী -মটৰ আদি চলাবলৈ নাযাব ।

৬/ৰাতিৰ ভাগত বাঢ়নী পানীয়েদি নাযাব ।

৭/বৈদ্যুতিক খুটা,ট্ৰেন্সৰ্ফমাৰ,ওলমি থকা বৈদ্যুতিক তাঁৰ আদিৰ পৰা দূৰত থাকক । পানীৰ সংস্পৰ্শত থকা বৈদ্যুতিক আহিলা পৰীক্ষা নকৰাকৈ ব্যৱহাৰ নকৰিব ।

৮/বৈদ্যুতিক আহিলা বা ট্ৰেন্সৰ্ফমাৰ পানীত ডুবি থকা দেখিলে ততালিকে বিভাগীয় ৰ্কতৃপক্ষক অৱগত কৰক ।

৯/ বানপানীৰ সময়ত ওখ ঠাই ঘৰৰ ভিতৰলৈ সাপ সোমাই আহিব পাৰে ।গতিকে সৰ্প দংশনৰ পৰা সাৱধানে থাকক ।

১০/বানপানীত উটি অহা বা পানীত ওপঙি থকা খাদ্যবস্তু নাখাব ।

No comments