Breaking News

৪ দিনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ !



এফালে বানৰ সংহাৰি ৰূপ আনফালে বৰুণ দেৱতাৰ  কোপদৃষ্টি!  ৪ দিনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ ! বানৰ বিভিষীকাত জনসাধাৰণে ককবকাই থকাৰ মাজতে বৰষুণৰ আগজাননীয়ে এতিয়া চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক ...

ৰাজ্যত প্ৰান্তে প্ৰান্তে এতিয়া বানৰ কালৰূপ। বানপানীৰ ফলত উজনি নামনিৰ লগতে বৰাক উপত্যকাৰো বিভিন্ন জিলাত জটিল পৰিস্থিতি উদ্ভৱ হৈছে। ইয়াৰ মাজতেই নেৰানেপেৰা বৰষুণৰ আগজাননীয়ে আৰু অধিক চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অনাগত ৪ দিনলৈ অসমৰ লগতে উত্তৰ-পূৱৰ প্ৰায় ৰাজ্যতে অব্যাহত থাকিব কম বেছি পৰিমাণে বৰষুণ। বৃহস্পতি আৰু শুকুৰবাৰে গুৱাহাটী মহানগৰীত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শনিবাৰ পৰ্যন্ত বৰষুণ অব্যাহত থাকিব।

দেওবাৰলৈ অসমৰ উপৰিও নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ছিকিমত ধাৰাসাৰ বৰষুণ হ’ব বুলি লগতে জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 

No comments