Breaking News

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক আপডেটঃ একনাথ চিন্দে হ’ব মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী ।



দ্ৰুতগতিত  পট পৰিৱৰ্তন ঘটিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ। শেহতীয়াকৈ ৰাজনৈতিক জগতখনত মহাৰাষ্ট্ৰ চৰকাৰ পুনৰ গঠনক লৈ সৰ্বত্ৰে চৰ্চা চলি থকাৰ মাজতে মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক ডাঙৰ পৰিৱৰ্তনৰ সম্ভাৱনাই দেখা দিছে। শিৱসেনাৰ বিসম্বাদী বিধায়কলে বিজেপিৰে মিতি চৰকাৰ গঠন কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে যদিও পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ অব্যাহত আছে চৰ্চা। সকলোৱে দেৱেন্দ্ৰ ফাড়নবীশ মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হ’ব পৰা বুলি অনুমান কৰিছিল যদিও মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে লৈছে নতুন মুৰ। মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী  হ’ব শিৱসেনাৰ বিসম্বাদী বিধায়কসকলৰ নেতৃত্ব দিয়া একনাথ চিন্দে। এখন সংবাদমেলত এই কথা ঘোষণা কৰিছে দেৱেন্দ্ৰ ফাড়নবীশে । এখন সংবাদমেলত ঘোষণা কৰিছে যে একনাথ চিন্দে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হ'ব।

উল্লেখ্য যে বুধবাৰে উচ্চতম ন্যায়ালয়ে উদ্ধৱ থাকৰে শিবিৰক বিমুখ কৰি আস্থাভোট অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে মুখ্যমন্ত্ৰী থাকৰেই পদত্যাগ কৰিছিল। কেলৱ মুখ্যমন্ত্ৰী পদেই নহয়, বিধায়ক পদো ত্যাগ কৰিছিল উদ্ধৱ থাকৰেই।

No comments