Breaking News

এসময়ৰ অটো-ৰিক্সা চালকে উদ্ধৱৰ চৰকাৰক অতিক্ৰম কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ'ল



শেহতীয়াকৈ একনাথ চিন্দে মহাৰাষ্ট্ৰৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে। যাৰ পৰিপেক্ষিতত  উদ্ধৱ ঠাকৰেয়ে বুধবাৰে নিশা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। বৃহস্পতিবাৰে ৰাজভৱনত চৰকাৰ গঠনৰ প্ৰস্তাৱ দাখিল কৰাৰ পিছতে বিজেপি নেতা দেৱেন্দ্ৰ ফাডনাভিছে নতুন মুখ্যমন্ত্ৰী হিচাপে একনাথ চিন্দেৰ নাম ঘোষণা কৰিছিল। চিন্দে অলপম সময়ৰ পাছতে শপত গ্ৰহণ কৰিব। 

কিন্তু এই একনাথ শিন্দে কোন? মহাৰাষ্ট্ৰৰ ৰাজনীতিত তেওঁৰ উত্থানৰ কাহিনী কি? 


৫৮ বছৰীয়া একনাথ চিন্দে এজন অটো ড্ৰাইভাৰ হিচাপে জীৱন আৰম্ভ কৰিছিল। উদ্ধৱ ঠাকৰেৰ দেউতাক বালাচাহেব ঠাকৰে একনাথ চিন্দেৰ ৰাজনৈতিক গুৰু আছিল। তেওঁ লাহে লাহে মহাৰাষ্ট্ৰ চৰকাৰৰ ষ্টিয়েৰিং হেণ্ড দখল কৰিছে। তেওঁৰ কাৰণেই উদ্ধৱ ঠাকৰেৰ চৰকাৰ পৰিছিল। তেওঁৰ অনুপ্ৰেৰণা আছিল বালাচাহেব ঠাকৰে।

মহাৰাষ্ট্ৰৰ চাটাৰাৰ বাসিন্দা একনাথ চিন্দেয়ে ছাত্ৰ ৰাজনীতিৰে কৰ্মজীৱন আৰম্ভ কৰিছিল।

প্ৰথম অৱস্থাত শিৱসেনাৰ ১০ জন বিধায়ক একনাথ চিন্দেৰ সৈতে আছিল, তাৰ পিছত সংখ্যাটো ২১ লৈ বৃদ্ধি পাইছিল । ইয়াৰ পিচতেই একনাথ চিন্দে দাবী কৰিছিল যে তেওঁৰ ৪০ জন শিৱসেনা বিধায়কৰ সমৰ্থন লাভ কৰিছে। দলটোৰ এক-তৃতীয়াংশ তেওঁৰ পক্ষত আছে। 

ইফালে, সূত্ৰই জনোৱা মতে তেওঁ উদ্ধৱ ঠাকৰেৰ সৈতে ফোনযোগে কথা পাতিছিল। তেওঁ উদ্ধৱক কংগ্ৰেছ আৰু এনচিপি এৰি বিজেপিৰ সৈতে হাত মিলাবলৈ প্ৰস্তাৱ দিছে। কিন্তু উদ্ধৱে সন্মত হোৱা নাছিল। 


শিৱসেনাত যোগদান কৰাৰ আগতে চিন্দে য়ে দীঘলীয়া সময়ৰ বাবে অটো চলাই ছিল। তেওঁ দলৰ শ্ৰমিক সংঘও আৰম্ভ কৰিছিল। তেতিয়া একনাথ চিন্দেৰ বাবে পিছলৈ ঘূৰি চোৱা নাছিল। ১৯৯৭ চনত, তেওঁ পৌৰ নিগমৰ নিৰ্বাচনত জয়ী হৈছিল। তেওঁ  ২০০১ চনত নিগমৰ নেতা হয়। তাৰপিছতেই ৰাজনীতিৰ ক্ষেত্ৰতখনত গুৰুত্বপূৰ্ণ হৈ পৰিছিল।  

তেওঁ ২০০৪ চনৰ বিধানসভা নিৰ্বাচনতো জয়ী হৈছিল। তেওঁ ২০০৫ চনত প্ৰথমবাৰৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও সকলো সম্ভালি ল’ব পাৰিছিল। তেতিয়াৰ পৰাই শিৱসেনা চিন্দেৰ ওপৰত অতি নিৰ্ভৰশীল হৈ পৰে। ২০০৬ চনত যেতিয়া বালাচাহেব ঠাকৰেৰ ভতিজা ৰাজ ঠাকৰেয়ে দল ত্যাগ কৰিছিল তেতিয়া চিন্দেৰ স্থিতি আৰু বৃদ্ধি পাইছিল। শেষত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’বলৈ কেইটামনা পল বাকী।

No comments