Breaking News

গোলাঘাট অসামৰিক চিকিৎসালয়ৰ টিবি ৱাৰ্ডত বায়টয়লেট প্ৰদান গোলাঘাট ৰটাৰী ক্লাৱৰ

 


২০১৫ চনতে প্ৰতিষ্ঠা লাভ কৰা গোলাঘাট আন্তৰ্জাতিক ৰটাৰী ক্লাৱৰ প্ৰতিষ্ঠা দিৱস সোমবাৰে অনুষ্ঠিত হৈ যায়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ক্লাৱৰ সভ্যসকল একত্ৰিত হৈ সোমবাৰে বিভিন্ন কাৰ্যসূচী হাতত লয়। ইয়াৰ অংশস্বৰূপে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ টিবি ৱাৰ্ডৰ এটা বহুদিনীয়া সমস্যা সমাধান কৰে। সেই এলেকাত তিনিটা বায়টয়লেট প্ৰদান কৰে ৰটাৰী ক্লাৱে। উক্ত বায়টয়লেট প্ৰদান কাৰ্যসূচীৰ উদ্বোধন কৰে গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈয়ে। অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কাৰ্যসূচী উদ্বোধন কৰি কয় যে, ৰটাৰী ক্লাৱে স্বপ্ৰণোদিতবাৱে আগবঢ়োৱা সামাজিক সেৱাই চিকিৎসালয়খনৰ বহুদিনীয়া এটা অভাৱ পূৰ কৰিলে। ৰটাৰী ক্লাৱৰ এনে পদক্ষেপ সঁচাই প্ৰশংসনীয়। উক্ত কাৰ্যসূচীত  গোলাঘাটৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অৰুণ মহন্ত, গোলাঘাট চিভিল হস্পিতেলৰ অধ্যক্ষ ডাঃ সুৰেণ তামুলী, গোলাঘাট জিলাৰ টিবি অফিচাৰ ডাঃ সুনীতা এক্কা, গুৱাহাটী পশ্চিম ৰটাৰী ক্লাৱৰ সদস্য জয়ব্ৰত বেনাৰ্জী উপস্থিত থাকে । বায়টয়লেট প্ৰদান কৰাত ৰটাৰী ক্লাৱক ধন্যবাদ জ্ঞাপন কৰে যুটীয়া সঞ্চালক ডাঃ মহন্তই। ইয়াৰোপৰি অনুষ্ঠানত ৰটাৰী ক্লাৱৰ হৈ সম্পাদক অমৃত হাজৰিকা, সদস্য পূৰ্ণানন্দ বৰুৱা, ড০ জ্যোতি ভূঞা, ড০ লুকুমণি গোস্বামী, প্ৰবীন কুমাৰ বাগাৰীয়া, অপৰাজিতা বৰুৱা, কিশোৰ দত্ত, উপেন গগৈ, অনন্যা গোস্বামী, সঞ্জীৱ টোডী আদি উপস্থিত থাকে। 



ইফালে ৰটাৰী ক্লাৱৰ অন্য এটা কাৰ্যসূচীত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰটাৰীয়ান অনন্যা গোস্বামীয়ে যোগীবাৰী গ্ৰাম্য পৰ্যটন কেন্দ্ৰস্থলীত আত্ম সহায়ক গোটক ফিল্টাৰ প্ৰদান কৰে।



ইয়াৰ পিছতেই সন্ধিয়ালৈ গোলাঘাট ৰটাৰী ক্লাৱৰ সভাপতি ইন্দিৰা গগৈৰ সভাপতিত্বত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি  সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি ক্লাৱে জানিবলৈ দিয়ে।


No comments