Breaking News

গোলাঘাট জিলাত ১৪৪ ধাৰা জাৰি



ডিজিটেল সংবাদ, গোলাঘাটঃ দেশৰ বৰ্তমানৰ আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাত ৰাজহুৱা শান্তি বিঘ্নিত হোৱাৰ আশংকাত যিকোনো সম্ভাব্য অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে জিলাখনত তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । অতিৰিক্ত জিলা দণ্ডাধীশ শ্ৰী কুলদীপ হাজৰিকাই এই নিৰ্দেশ জাৰি কৰিছে । সেই অনুসৰি জিলাখনত কোনো কাৰণতে ৰাজহুৱা স্থানত চাৰিজন বা তাতকৈ অধিক লোকৰ সমাগম হ'ব নোৱাৰিব । গোলাঘাটৰ জিলা দণ্ডাধীশৰ আগতীয়া অনুমতি সাপেক্ষেহে যিকোনো পৰিস্থিতিত পূৰ্ব পৰিকল্পিত বা আকস্মিকভাবে সমবেত হ'ব পাৰিব । গোলাঘাট জিলাত শান্তি বিঘ্নিত হ'ব পৰা পত্ৰিকা, প্ৰচাৰপত্ৰ আদিৰ বিতৰণ, বেনাৰ, প'ষ্টাৰ আদিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে । 

No comments