Breaking News

অসমৰ সৈতে সংযোগ বিচ্ছিন্ন হ’ব নেকি অৰুণাচল প্ৰদেশৰ।



ডিজিটেল ডেক্সঃ অসমৰ সৈতে সংযোগ বিচ্ছিন্ন হ’ব নেকি অৰুণাচল প্ৰদেশৰ। এটা শিহৰণকাৰী দৃশ্যই বুকু কঁপাব আপোনাৰো। চুবুৰীয়া ৰাজ্যখনৰ পাংগিন আৰু পাচিঘাট সংযোগী পথত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ফলত অসমৰ সৈতে সংযুক্ত হোৱা প্ৰায়বোৰ পথেই এতিয়া হৈ পৰিছে বিধ্বস্তময়। 

এটা পথ। পথ নহয় যেন বিধ্বস্ত। যিকোনো মুহূৰ্তত পথাচাৰীৰ প্ৰাণ কাঢ়ি নিয়াৰ সম্ভাৱণা পথটোৰ। এই দৃশ্য চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পাংগিন আৰু পাচিঘাট সংযোগী মূল পথচোৱাৰ। যি পথেৰেই বিভীষিকাময় যাত্ৰা কৰিছে পথাচাৰীয়ে। চুবুৰীয়া ৰাজ্যখনৰ সৈতে অসমে সংযোগ স্থাপন কৰিব পৰা প্ৰায় পথৰে অৱস্থা এতিয়া অনুৰূপ। ভয়ংকৰ ভূমিস্খলনৰ ফলত ৰাজ্যখনৰ বহু মূল পথৰ অৱস্থা এতিয়া প্ৰায় এনেধৰণৰ। এনে ভূমিস্খলনৰ প্ৰকোপ অব্যাহত থাকিলে খুব কম দিনৰ ভিতৰতে অসমৰ সৈতে সংযোগ বিচ্ছিন্ন হ’ব চুবুৰীয়া ৰাজ্যখনৰ বহু পথৰ। উল্লেখ্য যে অৰ্থনৈতিক, ৰাজনৈতিক তথা সাংস্কৃতিক দিশত চুবুৰীয়া ৰাজ্যখনে বহু সময়ত নিৰ্ভৰ কৰি আহিছে অসমৰ ওপৰত। তেনেস্থলত ৰাজ্যখনৰ মূল সংযোগী পথসমূহৰ এনে দূৰৱস্থাই স্বাভাৱিকতে শংকিত কৰি তুলিছে ৰাজ্যখনৰ নাগৰিকসকলক। এক আছুতীয়া টেলিফোনিক সাক্ষাৎকাৰত চুবুৰীয়া ৰাজ্যখনৰ এজন বাসিন্দাই প্ৰকাশ কৰিলে নিজৰ উদ্বেগ।

অতিশীঘ্ৰেই এই সমস্যাৰ সমাধান নহ’লে দুয়োৰাজ্যৰে নাগৰিকসকলৰ হ’ব ভয়ংকৰ দুৰ্ভোগ।



No comments