Breaking News

আজি শ্বহীদ কুশল কোঁৱৰৰ ৭৯ সংখ্যক স্মৃতি দিৱস।

 


ডিজিটেল ডেক্সঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ আজি ৭৯ সংখ্যক মৃত্যু দিৱস। ১৯৪৩ চনৰ আজিৰ দিনটোতে দেশৰ হকে প্ৰাণ আহুতি দিছিল বীৰ শ্বহীদ কুশল কোঁৱৰে। ১৯৪২ৰ স্বাধীনতা সংগ্রামী তথা দেশৰ অন্তিম গৰাকী বৃটিছৰ ফাঁচী কাঠত মৃত্যুদণ্ড দিয়া শ্বহীদ কুশল কোঁৱৰৰ আজি স্মৃতি দিৱসত সুঁৱৰিছোঁ প্ৰতিজন অসমীয়াই। ১৯৪৩ চনৰ আজিৰ দিনটোতেই যোৰহাটৰ কেন্দ্রীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল বীৰ শ্বহীদ কোঁৱৰক৷ 

১৯০৫ চনত ২১ মাৰ্চত অসমৰ গোলাঘাট জিলাৰ সেইসময়ৰ  শিৱসাগৰ জিলাৰ অন্তৰ্গত ঘিলাধাৰী মৌজাৰ চাওদাং চাৰিআলিৰ  এটা মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল কুশল কোঁৱৰৰ । তেওঁৰ পিতৃৰ নাম আছিল সোণাৰাম কোঁৱৰ আৰু মাতৃৰ নাম আছিল কনকেশ্বৰী কোঁৱৰ। ১৯১২ চনত বালিজান প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। ১৯১৮ চনত তেওঁ প্রাথমিক শিক্ষা সাং কৰি গোলাঘাট চৰকাৰী বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত নাম ভর্তি কৰে। কুশল কোৱৰে বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰাৰ পাছত গোলাঘাটৰ এটা সৰু মেছত থাকিবলৈ লয়।গোলাঘাটত থকা সময়তেই ১৯২১ চনত দেশজুৰি স্বাধীনতা আন্দোলনে গা কৰি উঠে। এনেতে দেশৰ হকে কাম কৰিবলৈ অসমৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে স্কুল-কলেজ এৰি ৰাজপথলৈ ওলাই আহিল। ১৯২১ চনত কুশল কোঁৱৰেও শিক্ষা জীৱনৰ অন্ত পেলাই গাঁৱলৈ উভতি আহিল আৰু  কুশল কেঁৱৰেও মহাত্মা গান্ধীৰ আন্দোলনত জঁপিয়াই পৰিল। যেতিয়া কুশল কোঁৱৰৰ বয়স আছিল মাত্ৰ ১৭ বছৰ। 

১৯৩৬ চনত কুশল কোঁৱৰে বাগিচাৰ চাকৰি এৰি স্বাধীনতা সংগ্রামত সক্রিয়ভাৱে জড়িত হৈ পৰিছিল। সেই সময়ছোৱাত তেওঁ গোলাঘাটৰ বিপ্লৱী বীৰ শংকৰ বৰুৱাৰ সান্নিধ্য লাভ কৰি উৎসাহ-উদ্দীপনাৰে কংগ্ৰেছৰ কামত নামি পৰিছিল। ১৯৪২ চনৰ ১০ ছেপ্টেম্বৰত ৰেল লাইন খুলি দুর্ঘটনা ঘটোৱা হয়। এক বেচৰকাৰী হিচাপ মতে এই দুর্ঘটনাত পতিত হৈ সৈন্য কঢ়িয়াই অহা ৰেলখনৰ প্রায় ১০০০ সৈন্যৰ মৃত্যু ঘটে। সেই সময়ত কুশল কোঁৱৰ প্ৰকৃত গান্ধীবাদী আৰু সৰুপথাৰ কংগ্ৰেছ কমিটীৰ সম্পাদক আছিল। এই ঘটনাত পুলিচে তেওঁক দোষী সাব্যস্ত কৰিলে। কুশল কোঁৱৰৰ উপৰিও এই ঘটনাত আন ৪২ জনক অভিযুক্ত কৰিছিল। শেষত উক্ত ঘটনাৰ জড়িত থকাৰ সন্দেহত বৃটিছৰ ফাঁচী কাঠত মৃত্যুদণ্ড দিয়া হয় কুশল কোঁৱৰক।

আজি এইগৰাকী মহান বীৰ পুৰুষ কুশল কোঁৱৰৰ স্মৃতিদিৱসত জননী লাইভেও জনাইছোঁ শতকোটি প্ৰণাম।।

No comments