Breaking News

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতলৈ ইডিৰ চমন



মহাৰাষ্ট্ৰত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে, প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) শিৱসেনাৰ নেতা সঞ্জয় ৰাউতলৈ চমন প্ৰেৰণ কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বিজেপি আৰু বিসম্বাদী মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিধায়কৰ বিৰুদ্ধে সৰৱ হোৱাৰ বাবেই ইডিৰ এই চমন নেকি এতিয়া প্ৰশ্ন কৰিছে শিৱসেনাৰ দলীয় কাৰ্যকৰ্তাই।  ভূমি কেলেংকাৰীৰ ক্ষেত্ৰত কাইলৈ তেওঁক সোধা-পোছাৰ বাবে চমন প্ৰেৰণ কৰা হৈছে। মঙ্গলবাৰে ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ সঞ্জয় ৰাউতক। ইফালে বিজেপিয়ে ইডিক নিজৰ কৰি ৰখা বুলিও প্ৰশ্ন উত্থাপন হৈছে। বিজেপিৰ বিৰুদ্ধে সৰৱ হ’লেই ইডিৰ জেৰাৰ সন্মুখীন হয় নেকি? বিজেপিয়ে এতিয়া বিৰোধীৰ বাকস্বাধীনতা খৰ্ব কৰাৰো গুৰুতৰ অভিযোগ উঠিছে 



No comments