Breaking News

শ্ৰী মন্ত শঙ্কৰদেৱ আৰু সুধাকণ্ঠ ডক্তৰ ভূপেন হাজৰিকাৰ প্ৰতি অভব্য আচৰণ কৰাৰ তীব্ৰ নিন্দা অসম সত্ৰ মহাসভাৰ



 

শীঘ্ৰে দোষী শিক্ষয়িত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবী সত্ৰ মহাসভাৰ 


গুৱাহাটী: অসম তথা অসমীয়াৰ প্ৰাণ জগত গুৰু শ্ৰী মন্ত শংকৰ দেৱ আৰু সুধাকণ্ঠ ডক্তৰ ভূপেন হাজৰিকাৰ ওপৰত কোকৰাঝাৰৰ এগৰাকী শিক্ষয়িত্ৰীএ কৰা অভব্য আৰু কটু সমালোচনাৰ বিৰুদ্ধে গৰজি উঠিছে অসম সত্ৰ মহাসভা। অভিযুক্ত শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে অদ্য পৰিমিত ৰাজ্য চৰকাৰে কোনো বিহিত ব্ব্যৱস্থা গ্ৰহণ নকৰাত আশ্বৰ্য প্ৰকাশ কৰিছে সত্ৰ মহাসভাই। অসম আৰু অসমীয়াৰ থলুৱা স্বাৰ্থত কোনো প্ৰকাৰে আঘাত হনা নহয় বুলি সততে দম্ভালি মাৰি থকা বি জে পি চৰকাৰ খনে এই ক্ষেত্ৰত নিতাল মাৰি বহি থকা কাৰ্য্যত ৰহস্যৰ গোন্ধ পাইছে সত্ৰ মহাসভাই। ইতিমধ্যে কোকৰাঝাৰত বিৰোধিতা কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰা হৈছে যদিও সৰ্বত্ৰ  বিৰোধ নোহোৱাত চিন্তনীয় বিষয় হৈ পৰিছে । অসমীয়াৰ স্বভিমানত আঘাত সনা শিক্ষয়িত্ৰী গৰাকীৰ নাভূত নাশ্ৰুত মন্তব্যৰ বিৰুদ্ধে কোকৰাঝাৰৰ কেইবাটাও সংগঠনে উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষ অথবা জিলা প্ৰশাসনে ৰহস্যজনক ভূমিকা পালন কৰাৰ আঁৰৰ ৰহস্য কি বুলি সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই প্ৰশ্ন কৰে। শিক্ষকতাৰ দৰে পবিত্ৰ বৃতিত নিয়োজিত এইগৰাকী বাংলাভাষী শিক্ষয়িত্ৰীযে বিদ্যালয়ৰ মজিয়াত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো জাতি ,জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসম গঢ়া জগতগুৰু গৰাকীৰ লগতে বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ডক্তৰ ভূপেন হাজৰিকাৰ প্ৰতি অভব্য আচৰণ কৰাৰ অসৎ সাহস কত পালে বুলিও প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই প্ৰশ্ন কৰে। কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত অসম সত্ৰ মহাসভাই দাবী কৰে যে অনতি বিলম্বে অভিযুক্ত শিক্ষয়িত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰিব লাগে অন্যথা মহাসভাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। অসম সত্ৰ মহাসভাই আন্তৰিকতাৰে আশা কৰে যে এই ক্ষেত্ৰত যাতে ৰাজ্যজুৰি কোনো সাম্প্ৰদায়িক বিভাজনৰ সৃষ্টি নহয়। 


No comments