Breaking News

নুমলীগড় কাষৰীয়া কমাৰগাঁৱত 37 নং ৰাষ্ট্ৰীয় ঘাই পথত বিধংশী অগ্নিকাণ্ড

 


ডিজিটেল সংবাদ,গোলাঘাটঃ নুমলীগড় কাষৰীয়া কমাৰগাঁৱত 37  নং ৰাষ্ট্ৰীয় ঘাই পথত  বিধংশী অগ্নিকাণ্ড, নিমিষতে জুইত জাহ গল এখন ঢাবা।নুমলীগড় কাষৰীয়া কমাৰগাঁৱত আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনা । কমাৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ চাংঘৰ ঢাৱাত আজি দিনৰ প্ৰায় ১০-৩০ বজাত অসৱধানবশতঃ গেছ চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ড সূত্ৰপাত হৈ নিমিষতে চাৰখাৰ হয় হোটেলখন । হোটেলখনত থকা দুটা চিলিণ্ডাৰ বিস্ফোৰণ ঘটে । ঘটনাস্থলিত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত  কৰিবলৈ সক্ষম হয় যদিও বাঁহ আৰু খেৰৰ নিৰ্মাণ কৰা ঢাবাখনৰ সকলো সামগ্ৰী জ্বলি চাৰখাৰ হয় ।

No comments