Breaking News

গোলাঘাটতো প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ

  


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাটতো প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ।যোৱা দুদিনত আটাইতকৈ বেছি সংক্ৰমণৰ সৃষ্টি হৈছে জিলাখনত।বৰ্তমানলৈ জিলাখনত চিন্তাক্ত হৈছে মুঠ আঠগৰাকী ৰোগী।জিলাখনৰ ২ নং টেঙানী,ৰতনপুৰ,কাছমাৰি,চটুজান,নাহৰচোলা,পদুমণি,ইছলামপট্টি আৰু বোকাখাতৰ মুঠ আঠগৰাকী ৰোগী আক্ৰান্ত এই ৰোগত। উল্লেখ্য যে বান অধ্যুষিত এলেকা নোহোৱাৰ স্বত্বেও জিলাখনত প্ৰাদুৰ্ভাৱ ঘটিছে ৰোগবিধৰ।বৰ্তমানলৈ কেইবাগৰাকীও ৰোগী সুস্থ হৈ উঠাৰ সমান্তৰালকৈ আন কেইবাগৰাকীৰ দেহত এই ৰোগ সংক্ৰমণৰ আছে সম্ভাৱনা।খেতিপথাৰ,গাহৰি ফাৰ্ম ইত্যাদি থকা অঞ্চলসমূহত অত্যাধিক হৈছে এই ৰোগ প্ৰাদুৰ্ভাৱ।জাপানীজ এনকেফেলাইটিছৰ সৈতে মোকাবিলাৰ বাবে ইতিমধ্যেই সাজু হৈছে গোলাঘাট জিলা স্বাস্থ্য বিভাগ। মন কৰিবলগীয়া কথা যে জিলাখনৰ ভিতৰতে কেৱল শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়তহে জাপানীজ এনকেফেলাইটিছ পৰীক্ষণৰ সুবিধা আছে।সাধাৰণ জ্বৰ,পানী লগা ইত্যাদি ৰোগীয়ে পলম নকৰি ততাতৈয়াকৈ চিকিৎসাখনত জাপানীজ এনকেফেলাইটিছ পৰীক্ষাৰ বাবে আহ্বান জনাইছে জিলা স্বাস্থ্য বিভাগে।

No comments