Breaking News

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ' আবেক হত্যাৰ পৰিকল্পনাৰে গুলীচালনা দুৰ্বৃত্তৰ



জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ' আবেক হত্যাৰ পৰিকল্পনাৰে গুলীচালনা দুৰ্বৃত্তৰ। এখন সভাত ভাষণ দি থকা অৱস্থাতে পিছফালৰ পৰা গুলীচালনা কৰে দুৰ্বৃত্তই। জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক অতৰ্কিতে দুৰ্বৃত্তৰ গুলীচালনা। পশ্চিম জাপানৰ নাহা নামৰ চহৰখনত অনুষ্ঠিত হোৱা এখন বিশেষ সভাত ভাষণ দি থকা অৱস্থাত সৃষ্টি হয় এই গুলীচালনা ঘটনা। দুৰ্বৃত্তৰ গুলীয়ে বুকুত আঘাত কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ। লগে লগে  ঘটনাস্থলীতে ঢলি পৰে আবেক। 

ইয়াৰ পিছতে ঘটনাস্থলীতে আক্ৰমণকাৰীক কৰায়ত্ত কৰে নিৰপত্তাৰক্ষীয়ে । বৰ্তমান প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্য অধিক চিন্তনীয় বুলি জানিব পৰা গৈছে।

বৰ্তমান গুলীচালনা কৰা লোকজনক আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে যদিও গুলীচালনাৰ কাৰনৰ সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰা নাই আৰক্ষীয়ে। 

No comments