Breaking News

অৱশেষত মৃত্যু হ’ল জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ



অৱশেষত মৃত্যু হ’ল জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ। মৃত্যুৰ ওচৰত হাৰ মনিলে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজোয়ে।জাপানৰ প্ৰাক্তন আৰু দীৰ্ঘম্যাদী প্ৰধানমন্ত্ৰী শিনজো আবেৰ ক্ষন্তেক সময়ৰ পূৰ্বে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। পশ্চিম জাপানত এক সভাত ভাষণৰ সময়ত দুৰ্বৃত্তৰ গুলিত গুৰুতৰভাৱে আহত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱশেষত নিঁয়তিৰ ওচৰত হাৰ মানিলে।  গুলীবিদ্ধ হোৱাৰ পিছত, তেওঁক বিমানেৰে এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল কিন্তু তেওঁ উশাহ লোৱা নাছিল আৰু তেওঁৰ হৃদযন্ত্ৰ বন্ধ হৈ গৈছিল। চিকিৎসকে জাপানী নেতাজন সংকটজনক অৱস্থাত তেওঁৰ জীৱন বচাবলৈ যথেষ্ট চেষ্টা কৰিছিল। কিন্তু চিকিৎসকলৰ চেষ্টাই আবেৰ জীৱন ঘূৰাই আনিব নোৱাৰিলে। 

ইফালে, মুখ্য কেবিনেট সচিব হিৰোকাজু মাৎসুনোৱে সাংবাদিকক কয় যে আৰক্ষীয়ে ঘটনাস্থলীত এজন অভিযুক্ত আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু তদন্ত অব্যাহত আছে।

উল্লেখ্য যে ২০২০ চনত  স্বাস্থ্যৰ বাবে পদ ত্যাগ কৰিছিল।  আবেয়ে জাপানৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দুটা কাৰ্যকালত আছিল। 


No comments