Breaking News

গোলাঘাটত বান্দৰৰ বাবেই বন্ধ X-ray আৰু CT Scan

 


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাটত বান্দৰৰ বাবেই বন্ধ X-ray আৰু CT Scan. আৰু চাৰি পাঁচ দিনলৈ বন্ধ থাকিব গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ X-rayআৰু CT scan. জনালে চিকিৎসালয়ৰ অধীক্ষকে।চৌদিশে এতিয়া বান্দৰৰ সন্ত্ৰাস। বান্দৰৰ সন্ত্ৰাসত স্তব্ধ গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়। বান্দৰৰ সন্ত্ৰাসৰ বাবেই বন্ধ হৈ পৰিল গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ X-ray আৰু CT scan. বৃহস্পতিবাৰে পুৱাৰ ভাগত প্ৰত্যেক দিনৰ দৰে সেইদিনাও অহা বান্দৰৰ জাকটোৰ এটা বান্দৰে বিদ্যুৎ তাঁৰত জাপ দিয়াত উচ্চ ভল্টেজৰ তাঁৰ চিগি যোৱাত হাই ভল্টেজ পোৱাৰ বাবে X-ray আৰু CT scan মেচিনত চৰ্ট চাৰ্কিট হৈ জ্বলি যায়। লগে লগে বন্ধ হৈ পৰে X-rayআৰু CT scan. এতিয়া ৰোগীৰ মাজত হাঁহাকাৰ লাগিছে। ইফালে ততাতৈয়াকৈ দুয়োটা X-ray আৰু CT scan মেচিন কাৰ্য্যক্ষম কৰিবৰ বাবে প্ৰচেষ্টা হাতত লৈছে চিকিৎসালয় কতৃপক্ষই। অকল ইমানেই নহয়, বান্দৰৰ দলে দৈনিক জপিয়াই জপিয়াই চিকিৎসালয়ৰ পুৰণি গৃহৰ সকলো টিনপাত ফুটাই দিছে। বিভিন্ন সময়ত বান্দৰৰ বাবে চৰ্ট চাৰ্কিটৰ ঘটনা সংঘটিত হৈ আহিছে। গতিকে বান্দৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বিভিন্ন সময়ত বহু সমস্যাৰ সৃষ্টি হব।

No comments