Breaking News

চৰকাৰৰ দ্বাৰা ফিটনেছৰ দৈনিক জৰিমনা কমাই দিয়াত বাহনৰ গৰাকীৰ মনত আনন্দৰ লহৰ । ৰেহাই মূল্যত কৰ দি নিজৰ অৰ্থৰ ৰাহি তথা ৰাজ্যৰ কৰ ভৰাল টনকিয়াল কৰাৰ আহ্বান পৰিবহন বিষয়া গৌতম দাসৰ ।



পঙ্কজ নাথ, কামৰূপঃ ৰাজ্যৰ পৰিবহণ খণ্ডত বৃহৎ সকাহ চৰকাৰৰ । যাৰবাবে মুখ্যমন্ত্ৰীক ধন্যবাদ  উপভোক্তা অৰ্থাৎ গাড়ী মালিক সকলৰ । ইয়াৰ বাবে যোৱাকালি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰেলী উলিয়াই আনন্দ-উল্লাসো কৰিলে অটো চালক তথা মালিক একাংশই । মুখ্যমন্ত্ৰীয়ে পৰিবহণ বিভাগৰ ফিটনেছৰ দৈনিক জৰিমনা হ্ৰাস কৰাক লৈ এই আনন্দ-উল্লাহ কৰিলে চালক তথা মালিক সকলে । ফিটনেছৰ জৰিমনা হ্ৰাসৰ পিছত অটো বাহনৰ পূৰ্বৰ দৈনিক জৰিমনা ৫০ টকাৰ পৰিৱৰ্তে এতিয়াৰ নিৰিখ ১০ টকা হল। ট্ৰেক্টৰৰ পূৰ্বৰ নিৰিখ ৫০ টকাৰ পৰা এতিয়া ১৫ টকা, চাৰিচকীয়া ব্যক্তিগত তথা বাণিজ্যিক বাহনৰ পূৰ্বৰ নিৰিখ ৫০ টকাৰ ঠাইত এতিয়া ২০ টকা। ইয়াৰ লগতে বাণিজ্যিক গধুৰ বাহনৰ পূৰ্বৰ নিৰিখ ৫০ টকাৰ পৰা এতিয়াৰ নতুন নিৰিখ ২৫ টকা হল । প্ৰতিখন বাহনৰ ফিটেনছৰ দৈনিক জৰিমনা সৰ্বাধিক ৪০ টকা পৰ্যন্ত কমাই দিয়াত কালি অটো মালিক তথা চালকসকলে এই আনন্দ-উল্লাস কৰা পৰিলক্ষিত হল । জানিব পৰা মতে মহানগৰীত প্ৰায় ৬০ হাজাৰতকৈ অধিক চাৰিচকীয়া বাহন আছে, তাৰে প্ৰায় অধিকাংশ বাহনৰ ফিটনেছ প্ৰমাণপত্ৰ বিকল হৈ আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে দিয়া ফিটনেছ নিৰিখৰ সকাহ আজি শুকুৰবাৰ, ১৫ জুলাইৰ পৰা আগন্তুক তিনি মাহলৈ প্ৰয়োজ্য হ'ব । একপ্ৰকাৰে চৰকাৰে ৰাজহ সংগ্ৰহ তথা জনতাক সকাহ দিয়াৰ উদ্দেশ্যে এই নতুন নিয়ম প্ৰণয়ন কৰিছে। কোভিড ১৯ৰ এককালীন সকাহ বুলি নামকৰণ কৰিছে এই আঁচনিখনৰ। যাৰবাবে ৰেহাই মূল্যত কৰ দি নিজৰ অৰ্থ ৰাহি কৰাৰ লগতে ৰাজ্যৰ কৰ ভৰাল টনকিয়াল কৰাৰ কাৰণে শীঘ্ৰেই উপৰোক্ত ধৰণৰ গাড়ীসমূহৰ অনাদায় কৰ আদায় দিবলৈ আহ্বান জনাইছে পথ সুৰক্ষা তথা কৰ সংগ্ৰহ আদিৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক সক্ৰিয় হৈ কাম কৰি থকা সহাকাৰী পৰিবহন আয়ুক্ত তথা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে।

No comments